
গোগামুখঃ পৈতৃক সম্পত্তিৰ বাবে ভাতৃৰ হাতত প্ৰাণ গ’ল ভাতৃৰ। ধেমাজি জিলাৰ গোগামুখ থানাৰ অন্তৰ্গত ৰূপহীগড়পৰা গাৱঁত দেওবাৰে পুৱাই সংঘটিত হয় এক জঘন্য কাণ্ড।
প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, দীৰ্ঘদিন ধৰি দুই ভাতৃ বিপুল বৰা আৰু ৰঞ্জিত বৰাৰ মাজত মাটি-বাৰীক লৈ কাজিয়া চলি আহিছিল। যোৱা শুকুৰবাৰেও চোতালতে দুই ভাতৃৰ মাজত তুমুল কাজিয়াৰ সূত্ৰপাত হৈছিল।
আজিও পুৱাই পুনৰ দুয়ো চোতালতে কাজিয়াত লিপ্ত হয়। তাৰ মাজতে কনিষ্ঠ ভাতৃ ৰঞ্জিতে জ্যেষ্ঠ ভাতৃ বিপুলক এডাল ফলা বাঁহেৰে প্ৰহাৰ কৰে। লগে লগে প্ৰচুৰ ৰক্তক্ষৰণ হৈ বিপুল ঠাইতে ঢলি পৰে।
পিছত ৰঞ্জিতে নিজেই বিপুলক গোগামুখ চিকিৎসালয়লৈ নিয়ে। চিকিৎসকে উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰে যদিও বিপুলে কিছুসময় পিছতে শেষ নিশ্বাস ত্যাগ কৰে।
এই ঘটনাৰ পিছতে উত্তেজিত ৰাইজে হত্যাকাৰী ৰঞ্জিতৰ বাসগৃহটো ভাঙি লণ্ড-ভণ্ড কৰে। ইফালে হত্যাকাৰী ৰঞ্জিতে আৰক্ষীৰ আগত কয় যে জ্যেষ্ঠ ভাতৃ বিপুলে সম্পত্তিৰ বাবে কাজিয়া কৰি মাতৃক মাৰিবলৈ খেদি যোৱাত উপায়ন্তৰ হৈহে প্ৰহাৰ কৰিবলৈ বাধ্য হৈ পৰে।