ৰঙিয়াঃ ৰঙিয়া মহকুমা হজ সমিতিয়ে দেওবাৰে হজ যাত্ৰীক সম্ভাষণ তথা শুভেচ্ছা জনায়৷ ৰঙিয়া মহকুমা হজ সমিতিৰ উদ্যোগত আৰু হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ সহযোগত অনুষ্ঠিত এটি অনুষ্ঠানত ৰঙিয়া অঞ্চলৰ হজ যাত্ৰীক সম্ভাষণ তথা শুভেচ্ছা জনায়।

ৰঙিয়া আশ্ৰাফিয়া হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত দিনৰ দুই বজাৰ পৰা ৰঙিয়াৰ মহকুমাৰ মহকুমাধিপতি তথা মহকুমা হজ সমিতিৰ সভাপতি মুনীন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰঙিয়াৰ ৪৬ গৰাকী হজ যাত্ৰীক ফুলাম বিভিন্ন লোকে শুভেচ্ছা যাচে।

অনুষ্ঠনটোত আছু নেতা ধৰ্মেশ্বৰ দাস উপস্থিত থাকি হজ যাত্ৰী সকলক সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও ফুলাম গামোছাৰে শুভেচ্ছা জনায়। অসমত বসবাস কৰা সকলো লোকৰ বাবে হজ যাত্ৰীসকলক মক্কাত গৈ দোৱা কৰিবলৈ অনুৰোধ জনায়।

আছু নেতাগৰাকীৰ লগতে অনুষ্ঠানটোত কামৰূপ জিলা পৰিষদৰ সভাপতি দেৱব্ৰত কলিতা, সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক মতিউৰ ৰহমান, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাস উপস্থিত থাকে।

ৰঙিয়া মহকুমা হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি আব্দুল জব্বৰে আতঁধৰা অনুষ্ঠানটোত জিলা পৰিষদৰ সভাপতি গৰাকীয়ে শুভেচ্ছা মুলক বক্তব্য ৰখাৰ উপৰিও গৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক গৰাকীয়েও ভাষণ আগবঢ়ায়।