
মোৰাঝাৰঃ কৃষকৰ নামত আৱন্টিত বীজ চুৰি কৰাক কেন্দ্ৰ কৰি হোজাই জিলাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ পূৱ বগুৰী গাঁৱৰ চাহাবুদ্দিন নামৰ এজন বিতৰ্কিত ব্যক্তিৰ হাতত হোজাইৰ কৃষি বিভাগে গাঁওখনৰ কাৰণে অন্যান্য সামগ্ৰীৰ লগতে ৪২০ কিঃগ্ৰাঃ ধানৰ বীজ বিতৰণৰ দায়িত্ব অৰ্পন কৰে৷
চাহাবুদ্দিনে অন্যান্য সামগ্ৰীসমূহৰ দুই এপদ কৃষকৰ মাজত বিলাই দিয়ে যদিও ধানৰ বীজখিনি সম্পূৰ্ণৰূপে আত্মসাৎ কৰি নিজৰ ঘৰতে লুকাই থয়৷ দুদিনমান ঘৰতে লুকাই ৰাখি পিছত সেয়া বজাৰত বিক্ৰী কৰি দিয়ে৷
এই কথা পোহৰলৈ অহাত গাওঁখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ গাওঁখনৰ মইনুল হক, আব্দুল ছামাদ আৰু চামচুদ্দিন নামৰ ব্যক্তি তিনিজনৰ নেতৃত্বত গাঁৱৰ কৃষকসকলে সমগ্ৰ ঘটনা সন্দৰ্ভত হোজাইৰ উপায়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে৷
অভিযোগ দাখিলৰ পিছতে হোজাইৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণে জিলা কৃষি বিষয়াক তদন্ত কৰি বীজ চুৰি কৰা চাহাবুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷ কিন্তু আশ্চৰ্যজনকভাৱে জিলা কৃষি বিষয়াই তদন্ত কৰা দূৰৰে কথা অভিযোগকাৰীক কাৰ্যালয়লৈ মাতি নি মীমাংসা কৰাৰ লগতে অভিযোগ উঠাই লবলৈহে হেঁচা প্ৰয়োগ কৰে৷
অভিযোগকাৰীসকলে জনোৱা মতে, বিগত তিনিদিন ধৰি কেইট উপাধিৰ এজন কৃষি বিষয়াই ৰমজান ভুঞা নামৰ গ্ৰাম সেৱকৰ লগতে গাওঁখনৰ আন এজন লোকে ঘটনাটোৰ মীমাংসা কৰিবলৈ অভিযোগকাৰীসকলক হেঁচা প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে৷
চাহাবুদ্দিনে বীজ চুৰি কৰাৰ কথাটো সঁচা বুলি ইতিমধ্যে বীজ প্ৰদানকাৰী কোঁৱৰ উপাধিৰ গ্ৰামসেৱক গৰাকীয়ে ৰাইজক লিখিত ৰূপত অৱগত কৰিছে৷ একাংশ লোকে সমগ্ৰ ঘটনাৰ কথোপকথন কেমেৰাত ৰেকৰ্ডিং পৰ্যন্ত কৰিছে৷ ইমানৰ পিছতো কি কাৰণত কৃষিবিভাগৰ লোকে বীজ চুৰি কৰা চাহাবুদ্দিনৰ বিৰুদ্ধে গোচৰ তৰাৰ সলনি ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লাগিছে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে৷
উল্লেখ্য যে এই বিতৰ্কিত চাহাবুদ্দিন নামৰ লোকজনে বিগত ২০১১ চনত ভেদৌআটী নামৰ গাঁওখনৰ এটা মছজিদৰ মাইক চুৰিৰ চেষ্টা চলাওতে ৰাইজে হাতে-লোটে ধৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিছিল৷ এনে এজন সমাজবিৰোধী লোকক কৃষি বিভাগৰ লোকে ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লগাত হতভম্ব হৈ পৰিছে স্থানীয় ৰাইজ।