25
Sep
2017

গুৱাহাটীঃ বিষ্ণুপ্ৰিয়া মণিপুৰী লোকগীতৰ জগতত নাম উজলোৱা সু কন্ঠৰ অধিকাৰী হৃষী সিনহাৰ ১৩ সংখ্যক এলবামখন আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷ হৃষী সিনহাৰ ইতিমধ্যে মুক্তি লাভ কৰা এলবাম কেইখনৰ ১২ খন মনিপুৰী গীতৰ আৰু এখন অসমীয়া গীতৰ।
সদ্য মুক্তিপ্ৰাপ্ত এলবাম খনৰ এটি গানত হৃষীৰ লগতে কণ্ঠ নিগৰাইছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে৷
সোমবাৰে এলবামখনিৰ উন্মোচনৰ শুভ মুহূৰ্তত বিশিষ্ট ব্যক্তি হিচাপে উপষ্ঠিত থাকে মনিপুৰী লেখক লক্ষ্মীন্দ্ৰ সিনহা, ভদ্ৰকান্ত দাস, ৰবি সিনহা, গায়ক তন্ময় আৰু ভীম সিং সিনহা।
অনুষ্ঠানটোত হৃষীৰ এলবাম খনৰ লগতে লেখক লক্ষ্মীন্দ্ৰ সিনহাৰ 'পুৰুৰ্বা-উৰ্বশী' নামৰ কাব্যনাট খনৰো শুভ উন্মোচন কৰা হয়৷ উন্মোচক হিচাপে উপস্থিত থাকে প্ৰখ্যাত লেখক তথা সমাজবিদ দয়ানন্দ পাঠক।