
চিচিবৰগাঁওঃ আদালতত অনশনত বহিব সুবোধ বিশ্বাস।যোৱা ৬ মাৰ্চত ধেমাজি জিলাৰ বাণিজ্য নগৰীৰূপে খ্যাত চিলাপথাৰৰ সদৰত অৱস্থিত চিলাপথাৰ আঞ্চলিক ছাত্ৰ-সন্থাৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰি অসমীয়াৰ স্বাভিমানত আঘাত হনা বাঙালী উদ্বাস্তু সমন্বয়ৰক্ষী সমিতিৰ নেতা সুবোধ বিশ্বাসৰ আন এক ভয়ংকৰ কাণ্ডৰ সকীয়নিৰ কাহিনী উন্মোচিত হৈছে ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতত৷
বাৰে বাৰে আদালতত জামিন বিচাৰি বিফলতাৰ মুখ দেখা সুবোধ বাহিনীয়ে আমৰণ অনশনৰ ভাবুকি প্ৰদান কৰিল ধেমাজিৰ সত্ৰ ন্যায়াধীশৰ আদালতত। ঘটনাৰ বিৱৰণী অনুসৰি, অসমীয়াৰ হিয়াৰ আমঠু সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰাত প্ৰতিবাদমুখৰ হৈ পৰিছিল অসমৰ বিভিন্ন জাতীয় সংগঠনৰ লগতে সকলো ৰাইজ।
তাৰে পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি সুবোধ বিশ্বাস, ৰাজ্যিক সভাপতি সহদেৱ দাস, সুভাস বিশ্বাস, বেনীমাধৱ ৰায় সহ মুঠ ৫৪ জন অভিযুক্তক কৰায়ত্ব কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷ কাৰাগাৰত থাকি সুবোধ বাহিনীয়ে জামিন বিচাৰি আবেদন অব্যাহত কৰিছিল কিন্তু বাৰে বাৰে ব্যৰ্থ সুবোধ বাহিনীয়ে এইবাৰ ভাবুকি প্ৰদানৰ দৰে গৰ্হিত কাণ্ড সংঘটিত কৰাৰ সংকেত প্ৰদান কৰিলে৷
ধেমাজি কাৰাগাৰত থকা সুবোধ সহ ৫৪ জন অভিযুক্তই জামিন নিদিলে শুকুৰবাৰৰ পৰা আমৰণ অনশনৰ ভাবুকি প্ৰদান কৰিলে আদালতক৷ সুবোধ সহ ৫৪ জন অভিযুক্তই স্বাক্ষৰ সম্বলিত এক পত্ৰ আদালতত দাখিলেৰে এই ভাবুকি প্ৰদান কৰিলে। কিন্তু ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে এই পত্ৰ গ্ৰহণ নকৰি অহা ১০ আগষ্টত অভিযুক্ত সকলক পুনৰ আদালতত হাজিৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। সুবোধ বাহিনীয়ে জেলৰ ভিতৰত এনে দৰে একত্ৰিত হৈ আইনৰ নীতি নিয়মক ভাবুকি আগবঢ়োৱাৰ ফলত ক্ষুব্ধ হৈ পৰিছে ধেমাজিৰ ৰাইজ।