মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুনৰ নামফাই-নামচিক সংৰক্ষিত বনাঞ্চলত যোৱা ২৩ জুলাইত বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বানাক্ৰান্তৰ পৰিচয়েৰে বনাঞ্চলখনত ব্যাপক বেদখল কাৰ্য্যৰে বনধ্বংস যজ্ঞ চলাই থকা লোকসকলৰ সপক্ষে মন্তব্য প্ৰকাশ কৰাৰ পিছতে ৰাইজৰ প্ৰতিবাদেৰে জ্বলি উঠিছে সীমান্তৱৰ্তী অঞ্চল জাগুন।

যোৱা ২৪ জুলাইত স্থানীয় ৰাইজে পথ অৱৰোধ কৰাৰ পিছত আজি পুৱা দহ বজাৰ পৰা পুনৰ তাই আহোম যুৱ পৰিষদৰ নেতৃত্বত স্থানীয় দল-সংগঠন আৰু ৰাইজৰ সহযোগত জাগুণ বজাৰৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা তিনি ঘন্টা ধৰি অৱৰোধৰ লগতে বনমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আৰু টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমগ্ৰ বিষয়টোত তাৎক্ষণিক হস্তক্ষেপ দাবীৰে প্ৰতিবাদকাৰী ৰাইজে ইয়াৰ অন্যথা আগন্তুক সময়ত প্ৰতিবাদে আৰু জংগী ৰূপ পাব বুলি সকীয়াই দিয়ে ৷ বনমন্ত্ৰী গৰাকীয়ে বিগত দিনত বেদখলকাৰী সকলক লগ কৰাৰ মুহূৰ্তত সংবাদ মাধ্যমৰ আগত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ বেদখলকাৰী সকলৰ প্ৰতি সহানুভূতি আছে বুলি কৰা মন্তব্যৰ সন্দৰ্ভত স্থানীয় বিধায়কজনক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়।

বিধায়কজন বেদখলকাৰী নে সমষ্টিবাসীৰ পক্ষত আছে বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী ৰাইজে ৷ ইপিনে আজি সংবাদ মাধ্যমৰ আগত বন ধ্বংসৰে বনাঞ্চল বেদখলকাৰীসকলক মিছিং ছাত্ৰ সংগঠন টি এম পি কেৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে উচটনি দি অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি লক্ষণীয় অভিযোগ কৰে তাই আহোম যুৱ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ সভাপতি জানা সন্দিকৈয়ে।