Image for Representation
Image for Representation

উত্তৰ শালমাৰাঃ চোৰৰ চুৰি কৰা পদ্ধতি সলনি হ’ল৷ নিতৌ ন ন কৌশলত এতিয়া চোৰে চলায় চুৰি কাৰ্য৷ এইবাৰ চোৰৰ নতুন কৌশলত আতংকিত হ’বলগা হৈছে অসমৰ বিশেষ এখন ঠাইৰ স্থানীয় লোকসকল ৷

এই ঠাইখন হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপা। অঞ্চলটোৰ ভিন্ন প্ৰান্তত এইবাৰ চোৰৰ নতুন কৌশলত শংকিত হৈ পৰিছে ৰাইজ৷ চোৰে এতিয়া লগত লৈ আহে সংজ্ঞানাশক স্প্ৰে ৷

খিৰিকী অথবা ভেন্টিলেটৰেৰে গৃহস্থক সংজ্ঞানাশক স্প্ৰে ছটিয়াই অচেতন কৰি যোগীঘোপাত এতিয়া সঘনাই চোৰে চলাইছে লুট-পাত৷ বিগত কেবাদিন ধৰি চোৰে চলোৱা এই সন্ত্ৰাসত আতংকিত হৈ পৰিছে যোগীঘোপাবাসী ৷

যোৱানিশাও পাচনীয়াত এই পদ্ধতিৰে চোৰে চলালে দুই ঘৰত অভিযান। ইছমাইল হুছেইন আৰু মজিবৰ ৰহমান নামৰ লোকদুজনৰ ঘৰত সংজ্ঞানাশক স্প্ৰে ছটিয়াই নিলে বৃহৎ পৰিমাণৰ টকাৰ লগতে লক্ষাধিক টকাৰ আ-অলংকাৰ ৷

ইফালে চোৰক কৰায়ত্তৰ ক্ষেত্ৰত আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ৷ আৰক্ষীৰ নিস্ক্ৰিয় ভূমিকাই স্থানীয় লোকসকলক আৰু আতংকিত কৰি তুলিছে ৷