26
Jul
2017

জাজৰিঃ অসম ভিত্তিত অনুষ্ঠিত মুকলি কাৰাটে প্ৰতিযোগিতাত ৰহাৰ খাইগড় বোধিধৰ্ম কাৰাটে ক্লাৱে কাটা আৰু কুমিটে দুয়োটা শাখাটে অংশগ্ৰহণ কৰি ২২টা পদক লাভ কৰিবলৈ সক্ষম হয়।
চকলাঘাট কাৰাটে একাডেমীৰ উদ্যোগত যোৱা ২২ আৰু ২৩ জুলাইত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাখনত প্ৰিয়ম মজুমদাৰে দুটা স্বৰ্ণ, দীপশিখা পাটৰে ১টা স্বৰ্ণ আৰু ১টা ৰূপ, সুস্মিতা কোঁৱৰে ১টা স্বৰ্ণ লাভ কৰে।
আনহাতে দিব্যজ্যোতি ডেকাৰজাই ১টা ৰূপ আৰু ১টা ব্ৰঞ্জ, দলিপ্ৰিয়া বৰদলৈ ১টাকৈ ৰূপ আৰু ব্ৰঞ্জ, ৰাখী ৰাজখোৱা, অনুৰাগ হাজৰিকা, জ্যোতিস্ময় বৰদলৈয়ে দুটাকৈ ব্ৰঞ্জ, কৌশিক বৰদলৈ, যীশুজ্যোতি দাস, সাগৰ প্ৰতিম বৰদলৈ, প্ৰাৰ্থজ্যোতি দাসে এটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰে।
খাইগড় বোধিধৰ্ম ক্লাৱৰ হৈ প্ৰিয়ম মজুমদাৰে শ্ৰেষ্ঠ কাৰাটেকা পদক লাভ কৰি ৰহালৈ গৌৰৱ কঢ়িয়াই আনে।