
ডিফুঃ সমগ্ৰ কাৰ্বি আংলঙত আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্যাপন কৰা হয় কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কে এছ এৰ ৫৮সংখ্যাক প্ৰতিষ্ঠা দিৱস৷ বহুধা বিভক্ত কেএছ এই আজি সদৰ চহৰ ডিফু জয়চিং দলৈ সোঁৱৰণী প্ৰেক্ষাগৃহ আৰু ৰংথিয়াংস্থিত মুখ্য কাৰ্যালয়ত পৃথকে পৃথকে প্ৰতিষ্ঠা দিৱসটি পালন কৰা পৰিলক্ষিত হয়৷
দুয়োটা কাৰ্যসূচীত ক্ৰমে পতাকা উত্তোলন কৰে সভাপতি চিমিয়ণ ৰংফাৰ আৰু বিজয় বে'ই, শ্বহীদ তৰ্পণ কৰে ক্ৰমে কেএছএৰ উপদেষ্টা তথা এছ ৱাই চিৰ আহ্বায়ক লাইচান ইংলেং আনফালে সাধাৰণ সম্পাদক মণিৰাম টকবীয়ে৷
ৰংফাৰ গোটত মুখ্য অতিথিৰূপে প্ৰাক্তন সাংসদ ড০ জয়ন্ত ৰংপি আৰু বে' গোটত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং উপস্থিত থাকে ৷ ৰংফাৰ গোটে ডিফু চহৰৰ মাজেৰে সমদল কৰি ক্ৰমে কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ ওচৰত ৫১ টা দাবী সম্বলিত স্মাৰক পত্ৰ অৰ্পণ কৰাৰ লগতে ভাৰতীয় সংবিধানত থকা অনুচ্ছেদ ২৪৪( ক) শীঘ্ৰে ৰূপায়ণ কৰিবলৈ কাৰ্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তেও পৃথক পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
ইফালে বে' গোটে অবিভক্ত কেএছএৰ প্ৰাক্তন সভাপতি প্ৰতাপ চন্দ্ৰ টকবীক মটৰ চাইকেলেৰে সমদল কৰি কেএছএৰ কাৰ্যালয়লৈ আদৰি আনি বিশেষ সন্মান প্ৰদৰ্শন কৰে৷ মুখ্য অতিথিৰ ভাষণত প্ৰাক্তন সাংসদ ড০ জয়ন্ত ৰংপিয়ে বিজেপিৰ নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি পাহাৰীয়া ৰাইজক চৰম প্ৰতাৰণা কৰিছে বুলি অভিযোগ কৰাৰ লগতে ৰাজ্য দাবী আন্দোলনৰ সংবিধান প্ৰদত্ত দাবী সাকাৰ ৰূপ দিবলৈ ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায়।
আনহাতে কেএছ এৰ বে' গোটৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত বহুধা বিভক্ত কে এছ এক ঐক্যবদ্ধ হৈ জিলাখনৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন অনাৰ লগতে স্বায়ত্ব ৰাজ্যৰ বাবে ২৪৪(ক) ৰূপায়ণত আপোচ কৰা নহ'ব বুলি কয়৷