30
May
2019
জিতুমণি দাস, আজাৰা

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ প্ৰাথমিক বিদ্যালয় খেলপথাৰত অহা ১ জুনত ৩৭ সংখ্যক বসন্ত উৎসৱ উদযাপন কৰা হ'ব। খানামুখ ৰঙালী বিহু বিদায় সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বসন্ত উৎসৱৰ যোৱা ২৯ মে'ত লাইখুটা স্থাপন কৰা হয়।
সন্মিলনীৰ কৰ্মকৰ্তা সদস্যকে ধৰি অঞ্চলটোৰ বহু সংখ্যক লোকৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰে খানামুখ শ্ৰীশ্ৰীলক্ষী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বলেন চন্দ্ৰ ঠাকুৰীয়াই। লগতে বন্তি প্ৰজ্বলন কৰে এসময়ৰ আদৰ্শ কৃষক সাৰদা কলিতাই। অনুষ্ঠানত সন্মিলনীৰ সভাপতি মৃণাল কলিতা, প্ৰাক্তন সভাপতি সত্যৰাম ভৰালী, কনক চন্দ্ৰ বৈশ্য, কমল কলিতা, সন্মিলনীৰ সাধাৰণ সম্পাদক হিতেশ কলিতা, ৰতন কলিতা, সাংস্কৃতিক সম্পাদক ৰুবুল বৈশ্যকে ধৰি সদস্যসমূহ উপস্থিত থাকে।