12
Apr
2019

খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চেংচেংবিলত উদ্ধাৰ হয় এটি বনৰীয়া হাতীৰ মৃতদেহ।
নিশা চেংচেংবিল গাওঁখনত এটা বৃহৎ বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰপৰা জনাঞ্চলত প্ৰৱেশ কৰিছিল।
কিন্তু পুৱাৰ ভাগত গাঁৱৰ ৰাইজে গাওঁখনৰ কুঁহিয়াৰ তলিত প্ৰত্যক্ষ কৰে এটা বনৰীয়া হাতীৰ মৃতদেহ। লগে লগে ঘ্টনা সন্দৰ্ভত খবৰ দিয়ে বন বিভাগক।
ইয়াৰ পাছতেই ঘটনাস্থলীত বন বিভাগৰ লোক আৰু আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়। মৃত হাতীটোয়ে বিষাক্ত খাদ্য সেৱন কৰি মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।