
চাবুৱাঃ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে।
আজি ডিব্ৰুগড়ত জিলাত বৃহৎ নদী বান্ধ বন্ধ কৰাৰ দাবীত ৰূপায়ণ কৰা কাৰ্যসুচীস্থলিত উপস্থিত থাকি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ দাবী জনায়৷
দোষীক উচিত শাস্তি দিবলৈ চৰকাৰক দাবী জনাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি কয় নেতাগৰাকীয়ে।
গৃহ বিভাগৰ মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰাৰ দাবী জনায় লগতে নেতাজনে সাম্প্ৰদায়ীক সংঘাট সৃষ্টি কৰিবলৈ এটা পক্ষই অহৰহ চেষ্টা কৰা বুলি কৈ সকলো পক্ষকে সংযম হ’বৰ বাবে আহ্বান জনাই কোঁৱৰে।