লখিমপুৰঃ লখিমপুৰ জিলাৰ কদম তিনিআলি প্ৰাংগনত অহা ইংৰাজী ১৯ আৰু ২০ মাৰ্চ তাৰিখে কে বি এছ তাহফিজুল উলুম হাফিজীয়া মাদ্ৰাছাৰ উদ্যোগত বিশ্ব শান্তিৰ উদ্দেশ্যে পবিত্ৰ খতমে কোৰাণ, খতমে আম্বিয়া ওৱাজ ও মেহফিল ও দস্তৰ বন্দি উপলক্ষ্যে এক বিশাল জলছাহৰ আয়োজন কৰিছে। 

উক্ত জলছাহত কে বি এছ তাহফিজুল উলুম হাফিজীয়া মাদ্ৰাছাৰ ছাত্ৰ এজনক পাগোৰী প্ৰদান কৰিব আৰু ইছলাম ধৰ্মীয় বিভিন্ন কাৰ্য্যসূচীৰে ২০ তাৰিখৰ দিনা বিশ্ব শান্তিৰ উদ্দেশ্যে সমূহীয়া প্ৰাৰ্থনা কৰা হ’ব। বিৰাট দ্বীনি জলছাহৰ উদ্যোগতাই সংবাদ মাধ্যমৰ জৰিয়তে সকলো ৰাইজক জলছাহত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়।