
জিয়াউল আলী, লখিমপুৰঃ সেউজী ধৰা বিনন্দীয়া, সুন্দৰ স্বাস্থ্য যুগমীয়া এই ধাৰাৰে নিৰ্মীয়মান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ১১০০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৃক্ষ ৰোপণ কাৰ্যসূচী আজি পালন কৰা হয়।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী নৱ কুমাৰ দলে, পীযুষ হাজৰিকা আৰু সাংসদ প্ৰদান বৰুৱা।
বিশেষ বিমানেৰে লীলাবাৰী বিমানবন্দৰত অৱতৰন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হৈ ৰাইজক উদ্দেশ্যি ভাষন প্ৰদান কৰে। তেখেতে কয় যে আমাৰ পৰিৱেশ উন্নয়ন হ’লে সমাজ আৰু দেশৰ উন্নতি সাধন হ’ব। অনতি পলমে নিৰ্মাণ কাৰ্য চলি থকা চিকিৎসা মহাবিদ্যালয়খন ৰাইজৰ সেৱাৰ বাবে আগবঢ়োৱা হ’ব। বৰ্তমান চৰকাৰে নিকাভাৱ মুৰ্তিৰে উন্নয়নৰ কাম কৰি আছে। লাগে মাথো ৰাইজৰ সহযোগ।
ইয়াৰ পিছতে তেখেতে উত্তৰ লখিমপুৰ জিলা পুঁথিভৰালত অনুষ্ঠিত এখন সভাত উপস্থিত থাকি বিশেষ পাৰদৰ্শিতা দেখুওৱা আত্ম সহায়ক গোট সমুহক সম্বর্দ্ধনা জনায়।