
লালুকঃ লালুকৰ এখন বিদ্যালয়ত চিলিং খহি এগৰাকী ছাত্ৰী আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰি মতে, লালুকৰ সমীপৰ টুনিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰী তৃষ্ণা পেগু আজি পুৱা বিদ্যালয়লৈ আহি শ্ৰেণী কোঠাত বহি থকাৰ সময়ত অকস্মাতে শ্ৰেণী কোঠাত সংলগ্ন চিলিং খহি ছাত্ৰী গৰাকীৰ মূৰৰ ওপৰত পৰে।
গধুৰ চিলিংখন ছাত্ৰীগৰাকীৰ মূৰত খহি পৰাৰ ফলত মূৰ ফাটি প্ৰচুৰ ৰক্তক্ষৰণ হয়৷ ততাতৈয়াকৈ শিক্ষকসকলে ছাত্ৰীগৰাকীক লালুক আদৰ্শ চিকিৎসালয়লৈ আনি চিকিৎসা প্ৰদান কৰাত ছাত্ৰীগৰাকী বহু পৰিমাণে সুস্থ হৈ উঠে৷
উল্লেখ্য যে বিদ্যালয়খনত তিনিবছৰ পূৰ্বে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত ৩৩ লাখ টকা ব্যয় কৰি ৫টাকৈ শ্ৰেণী কোঠা নিৰ্মাণ কৰিছিল৷ ঠিকাদাৰৰ দ্বাৰা সম্পন্ন কৰা এই নিৰ্মাণ কাৰ্যত শ্ৰেণী কোঠাত অতি নিম্নমানৰ চিলিং লগোৱাৰ ফলত এই অঘটন সংঘটিত হ'বলৈ পালে বুলি অভিযোগ উত্থাপিত হৈছে।
ইফালে, বিদ্যালয়খনৰ নবম আৰু দশম শ্ৰেণীৰ দুয়োটা কোঠাতে ঠিকাদাৰে সংস্থাপন কৰা চিলিংসমূহ অতি বিপদজনকভাৱে ওলমি থকাত আজিৰ ঘটনাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল শ্ৰেণী কোঠাত প্ৰৱেশ কৰিবলৈ কুণ্ঠাবোধ কৰিছে৷ ঘটনাটোক লৈ বিদ্যালয়খনত ব্যাপক প্ৰতিক্ৰীয়াৰ সৃষ্টি হয়৷ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ঘটনাৰ বাবে বিদ্যালয়খনৰ অধ্যক্ষকে জগৰীয়া কৰিছে৷