
ডিজিটেল ডেস্ক/নলবাৰীঃ শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে শিশু, কিশোৰী আৰু মহিলাক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ নিৰ্দেশত মঙলবাৰে সমগ্ৰ দেশতে মহিলা কংগ্ৰেছে কলা দিৱস পালন কৰে৷
#KalaDiwas में महिला कांग्रेस सदस्यभा देश में महिलाओं पर बढ़ते दुष्कर्म का विरोध करती हुई. pic.twitter.com/JNN4UbtW4m
— Haryana Pradesh Mahila Congress (@HaryanaPMC) April 17, 2018
মঙলবাৰে পুৱাই মহিলা কংগ্ৰেছে প্ৰতিখন ৰাজ্যৰ ৰাজধানীত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক বিফল আখ্যা দিয়ে৷ দেশত ইটো মূৰৰ পৰা সিটো মূৰলৈ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ বাতৰিয়ে দেশৰ সচেতন নাগৰিকক চিন্তিত কৰি তোলাৰ সময়তে মহিলা কংগ্ৰেছে এই প্ৰতিবাদ সাব্যস্ত কৰে৷
महिला कांग्रेस की पंजाब सदस्य मोदी सरकार की महिलाओं पर हो रहे दुष्कर्मों में चुप्पी के विरुद्ध आंदोलन #KalaDiwas @MahilaCongress pic.twitter.com/XuVUCe5yDA
— Punjab Pradesh Mahila Congress (@PunjabPMC) April 17, 2018
মহিলা কংগ্ৰেছে নিতৌ ধৰ্ষণ, যৌন নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ পিছতো চৰকাৰে এনে কাণ্ড ৰোধ কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷ সমাজখনত যুৱতী-কিশোৰী মহিলাসকল এতিয়া সুৰক্ষিত নহয় বুলি কয়৷ পুৱাই হাতে হাতে প্লেকাৰ্ড লৈ ওলাই আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰে৷
Telangana Pradesh Mahila congress protested and demonstrated against the BJP govt seeking justice for the rape victims.#KalaDiwas pic.twitter.com/AmAKBjV0hU
— Telangana Pradesh Mahila Congress (@TelanganaPMC) April 17, 2018
এই খন চৰকাৰৰ দিনত ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হ’ব লগা বুলি কয় মহিলা কংগ্ৰেছে বুলি কয়৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক কিয় এই খন চৰকাৰৰ দিনত নাৰী এতিয়া সুৰক্ষিত নহয় বুলি কোৱাৰ লগতে পদে পদে লাঞ্চিত হ’ব লগা হৈছে বুলি কয়৷ বেটী বাচাও বেটী পঢ়াও শ্ল’গান দিয়া দলে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে৷ উন্নাও, কাঠুৱা, চুৰাট কাণ্ডৰ দোষীক আটক কৰি শাস্তি দিয়াৰ পোষকতা কৰে কংগ্ৰেছে৷
राजस्थान महिला कांग्रेस अध्यक्ष @RayazRehana #KalaDiwas में भाजपा सरकार की चुप्पी के विरोध में pic.twitter.com/LkuCOXOjxU
— Rajasthan Pradesh Mahila Congress (@RajasthanPMC) April 17, 2018
নাৰী নিৰ্যাতন আৰু গণ ধৰ্ষণে দেশ কঁপোৱাৰ সময়তে সমগ্ৰ দেশৰ লগতে মঙলবাৰে গুৱাহাটীতো মহিলা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সমিতিৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ মহিলা কংগ্ৰেছ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷
Team @MahilaCongress on guidance of President @sushmitadevmp on streets in the county today demanding justice for the women and Children.#KalaDiwas pic.twitter.com/3V4vmshLL7
— Chitra Sarwara (@ChitraSarwara) April 17, 2018
অসমতো বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত কংগ্ৰেছ নেতা-কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ দেশত সংঘটিত হৈ অহা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিৰোধী কংগ্ৰেছে চৰকাৰক মহিলা-শিশুক সুৰক্ষা দিয়াত চৰকাৰ বিফল বুলি কয়৷ কাশ্মীৰৰ পৰা অসমলৈ বিভিন্ন ঠাইত সংঘটিত ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদ জনাই কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণ কৰাত মোডী চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে৷
महिला सुरक्षा भी भाजपा का चुनावी जुमला निकला
— Himachal Pradesh Mahila Congress (@HimachalPMC) April 17, 2018
मोदी जी कब होगीं देश एवं प्रदेश की महिलाएं सुरक्षित ?#KalaDiwas @MahilaCongress pic.twitter.com/sSdkiE3HGO
উত্তৰ প্ৰদেশৰ উন্নাও আৰু জম্মু কাশ্মীৰৰ কাঠুৱা, চুৰাট, অসমৰ কিশোৰী-শিশু ধৰ্ষণ-হত্যা কাণ্ডই দেশ উত্তাল কৰি ৰখাৰ সময়তে মহিলা কংগ্ৰেছে সমগ্ৰ দেশত প্ৰতিবাদ সাব্যস্ত কৰে৷
बहुत हुआ नारी पर अत्याचार अब नहीं सहेगा हिंदुस्तान #KalaDiwas बड़ते महिला अत्याचार के विरोध में आज गोरखपर ज़िला महिला कांग्रेस का प्रदर्शन @sushmitadevmp @MahilaCongress pic.twitter.com/zj5Dy6mx2N
— Uttar Pradesh Mahila Congress (@UttarPradeshPMC) April 17, 2018
নলবাৰীঃ নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত নলবাৰীতো প্ৰতিবাদী সমদল উলিয়াই কলা দিৱস পালন কৰে। নাৰী নিৰ্যাতন, ধৰ্ষণ আৰু হত্যা-হিংসা ৰোধ কৰাত দেশ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগত কলা দিৱস পালন কৰে মহিলা কংগ্ৰেছে।
हरियाणा प्रदेश में महिला कांग्रेस का #KalaDiwas पर मोदी सरकार के विरुद्ध आंदोलन
— Haryana Pradesh Mahila Congress (@HaryanaPMC) April 17, 2018
बहु बेटिओं के लिए मांगती इन्साफ pic.twitter.com/bsBsSrorjm
राजस्थान में महिला कांग्रेस का #KalaDiwas पर मोदी सरकार के विरुद्ध आंदोलन@RayazRehana@MahilaCongress@sushmitadevmp pic.twitter.com/NFs9JrSUKB
— Rajasthan Pradesh Mahila Congress (@RajasthanPMC) April 17, 2018
দেশ-ৰাজ্যৰ বিজেপি চৰকাৰ হায় হায়, নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ মুৰ্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে নিজৰ ব্যৰ্থতাৰ বাবে পদত্যাগ কৰক, নাৰীক সুৰক্ষাৰ নামত ৰাজনীতি বন্ধ কৰক আদি শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে। সমদলত অংশ লৈ নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে নাৰী প্ৰতিটো খোজতে নিৰ্যাতিত, লাঞ্চিত-বঞ্চিত হৈ আছে বুলি কৈ দেশ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ইয়াক ৰোধ কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷