নাৰায়ণপুৰঃ জুন মাহৰ আজি প্ৰথমটো শনিবাৰ। সেয়ে সম্পূৰ্ণ জাতীয় সাজপাৰ পৰিধান কৰি নাৰায়ণপুৰত ভৰি থলে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব এম জি কে ভানুৱে। নাৰায়ণপুৰত উপস্থিত হৈয়ে তেওঁ কেইবা ঠাইটো আমাৰ গাঁও আমাৰ আঁচনি পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্ত তেওঁ কেইবাখনো আমাৰ গাঁও আমাৰ আঁচনিৰ গাওঁ সভাত ভাগ লয়।

শনিবাৰে বিয়লি নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জামুগুৰি গাঁও পঞ্চায়ত, নাৰায়ণপুৰ উন্নয়ন খণ্ড আৰু পথালিপাহাৰ গাঁও পঞ্চায়তত চলি থকা আমাৰ গাঁও আমাৰ আঁচনিৰ সভাত উপস্থিত হয় অতিৰিক্ত মুখ্য সচিব গৰাকী। সভাত অংশগ্ৰহণ কৰি তেওঁ ৰাইজৰ অভিযোগসমূহ গুৰুত্ব সহকাৰে শুনাৰ লগতে সমাধানৰ ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে।

সভাকেইখত বহুকেইজন হিতাধিকাৰীয়ে ভানুৰ সমুখতে পঞ্চায়তসমূহত চলি থকা দুৰ্নীতিৰ বিষয়ে মুকলিকৈ অভিযোগ উত্থাপন কৰে। লগতে জামুগুৰি গাওঁ পঞ্চায়তৰ সভাখনত জেষ্ঠ নাগৰিক তথা সাংবাদিক ৰমেশ হাজৰিকাই জামুগুৰি অঞ্চলত দীৰ্ঘদিনে অব্যাহত থকা লুইতৰ খহনীয়াৰ তাণ্ডৱৰ কথাও ৰাজহুৱা কৈ অৱগত কৰে।

ৰাইজৰ অভিযোগৰ অন্তত অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে নিজৰ ভাষণত আমাৰ গাঁও আমাৰ আঁচনিৰ অধীনত সকলো ৰাজ্য চৰকাৰে চলিত বৰ্ষত ৰাজ্যৰ প্ৰতিখন পঞ্চায়তলৈ ৯৫ লাখ টকাকৈ অনুমোদন কৰিব বুলি সদৰী কৰে। সেই ধনৰ দ্বাৰা 'আমাৰ গাঁও আমাৰ আঁচনি'ৰ সফল ৰূপায়ণ কৰা হ'ব বুলি জনায় ।

সমগ্ৰ ৰাজ্যতে মাহজোৰাকৈ ৰূপায়ণ হৈ থকা 'আমাৰ গাঁও আমাৰ আঁচনি' শীৰ্ষক আঁচনিখন ভানুৰ আকস্মিক উপস্থিতিয়ে কিমান দূৰ সফল কৰি তুলিব পাৰে সেয়া সময়েহে ক'ব বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে।