Image for Representation
Image for Representation

নগাঁওঃ নগাঁৱৰ ৰূপহীহাটত দেওবাৰে সংঘটিত হয় গুলীচালনাৰ ঘটনা৷ ৰূপহীহাটৰ খাটোৱাল বজাৰত দুৰ্বৃত্তৰ সংঘটিত কৰা এই গুলীচালনাত আহত হয় দুজন লোক৷ আহত লোক দুজন হৈছে খাটোৱালৰ আব্দুল মান্নান আৰু ৰফিকুল ইছলাম ৷

ঘটনাৰ সময়ত ৰফিকুল বজাৰৰ পৰা ঘৰলৈ ওভতাৰ বিপৰীতে আনজন আহত আব্দুল মান্নান মছজিদৰ পৰা ঘৰলৈ আহি আছিল ৷

ইয়াৰে ৰফিকুলক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে ৷

বাইকত অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ৷ চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৰ এজন মোৰাঝাৰ থানাৰ কনিষ্টবল ছফিকুল ইছলাম বুলি চিনাক্ত কৰিছে গুৰুতৰভাৱে আহত ৰফিকুলে ৷

বহুতে ঘটনাটো ডকাইতি কাণ্ড বুলি সন্দেহ ব্যক্ত কৰাৰ বিপৰীতে আন একাংশই ব্যক্তিগত আখেজৰ বাবেও হ’ব পাৰে বুলি ক’ব খোজে ৷ বৰ্তমান ৰূপহীহাট আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷