জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়৷ এই মৰ্মে বিয়লি এক বজাৰপৰা হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনি ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়৷ 

গুণীন শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক হিৰণ্য জ্যোতি বৰাই৷ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক নিপন শৰ্মাই আঁত ধৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীন চন্দ্ৰ শৰ্মাই অংশগ্ৰহন কৰি ছাত্ৰ-ছাত্ৰীসকলে কিদৰে উচ্চ শিক্ষাৰ বাবে বিভিন্ন পাঠ্যক্ৰমত অধ্যয়ন কৰিব লাগে সেই সন্দৰ্ভত সাৰমৰ্ম ভাষণ আগবঢ়ায়৷ 

সভাত আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দধিমোহন বৰা, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া, উপ-সভাপতি পংকজ জ্যোতি বৰা, সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকন, প্ৰচাৰ সম্পাদক ভাস্কৰজ্যোতি ভূঞা, সাহিত্য সম্পাদিকা স্নিগ্ধা শইকীয়া, জিলা কাৰ্যনিৰ্বাহক সদস্য ৰিংকু বৰা, লুকু হাজৰীকাকে প্ৰমুখ্য কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে৷ 

উক্ত সভাত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ এলেকাধীন শিক্ষানুষ্ঠানসমূহৰপৰা ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ যোগ্যতা সহকাৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জনোৱাৰ লগতে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ উল্লেখ্য যে, সভাৰ আৰম্ভণিতে বিশিষ্ট অতিথি হিচাপে জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীন চন্দ্ৰ শৰ্মাই বক্তৃতা দিবলৈ ধৰোতে সভাগৃহত উপস্থিত থকা কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যি এক হুলস্থূলীয়া আৰু বিশৃংখলতামূলক পৰিস্থিতিৰ উদ্ভৱ ঘটাই তাকলৈ অতিকে ক্ষুভিত হৈ পৰে শিক্ষা বিষয়াগৰাকী৷ 

শৈক্ষিক সভাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা এনে অশোভনীয় আচৰণত হতভম্ব হৈ পৰা শিক্ষা বিষয়াগৰাকীয়ে সভাৰ পিছত ইয়াৰ বাবে অধ্যক্ষক জবাবদিহি কৰাৰ লগতে অতি সোনকালে এই অশোভনীয় পৰিস্থিতিৰ এক তৎকালীন তদন্ত কৰি ইয়াৰ প্ৰতিবেদন তেওঁক দিবৰ বাবে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাক অনুৰুধ জনায়৷ কাজেই, জিলাখনৰ এগৰাকী উচ্চ পৰ্যায়ৰ শিক্ষা বিষয়াৰ উপস্থিতিত অনুষ্ঠিত শৈক্ষিক বিষয়ৰ সভাত কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে প্ৰদৰ্শন কৰা অশোভনীয় পৰিস্থিতিৰ বিষয়টোয়ে সচেতন মহলৰ মাজত বেছ চৰ্চা লাভ কৰিছে৷