25
May
2019

জয়ন্ত মুদৈ, নগাঁওঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত স্বৰ্ণ কন্যা হিমা দাসে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।
ধিং মহাবিদ্যালয়ৰপৰা কলা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ হিমাই সৰ্বমুঠ ৩৪৯ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। খেলৰ উপৰি পঢ়া-শুনাতো সমানেই গুৰুত্ব দি অসমীয়াত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হিমা৷
হিমাই ইংৰাজীত ৬৩, অসমীয়াত ৮৪, ঐচ্ছিক অসমীয়াত ৬০, ৰাজনীতি বিজ্ঞানত ৭৫, শিক্ষাত ৬৭ আৰু ভূগোলত ৪৬ নম্বৰ লাভ কৰিছে। বিশ্ব এথলেটিকছ, এছিয়ান গেমছ আদি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জিলিকি উঠা হিমা বৰ্তমান অলিম্পিকৰ বাবে প্ৰস্তুতিত ব্যস্ত আছে৷
হিমাৰ এই ফলাফলক লৈ যথেষ্ট আনন্দিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ৷ হিমাৰ এই কৃতিত্বৰ পিছতে ধিঙৰ কান্ধুলীমাৰীৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায়।