জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথৰ 'চাইড বাম'ৰ বাবে কান্দিবলগীয়া হৈছে কুৰিখনতকৈ অধিক গাঁৱৰ পথচাৰীয়ে। অঞ্চলবাসীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত মূৰৰ কামোৰণি হৈ পৰা এই গড়কাপ্তানি পথটো হৈছে বেবেজীয়া-ঘাঁহী সংযোগী পথ। 

অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত ২০১৩ বৰ্ষতে এই পথটোক উন্নীতকৰণ কৰা হৈছিল যদিও পথটোৰ চাইড বামৰ উন্নীতকৰণ হোৱা নাছিল। কেৱল মাটি পেলায়েই দায়িত্ব সামৰিছিল ঠিকাদাৰী প্ৰতিষ্ঠানে। যাৰ পৰিণতিত এতিয়া দুৰ্ভোগ ভূগিবলগীয়া হৈছে বেবেজীয়া, মাহৰিআটী, ঘাঁহী, জাগীয়াল, দক্ষিণপাট, বৰজহা, ম'হমৰীয়া, কৃষ্ণাইখাট, বিহুচোৱাবৰ, ৰঙাচিলা, হাতীগড়, বালিগাঁও, বৰক'লা আদিকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে। 

কিয়নো, পথটোৰ চাইড বাম উন্নীতকৰণ নকৰাৰ ফলত এতিয়া সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। আনকি এতিয়া বাৰিষা সেই গাঁতসমূহ হৈ পৰিছে কদৰ্যময়। যাৰফলত এতিয়া মৰণত শৰণ দি অহা-যোৱা কৰিবলগীয়া হয় পথচাৰী। কাৰণ বিপৰীত দিশৰপৰা এখন সৰু চাৰিচকীয়া বাহন আহিলেই ৰৈ যাবলগীয়া হয় দুচকীয়া বাহনৰ আৰোহীও। 

বেবেজীয়াৰপৰা দক্ষিণপাটলৈকে সাত কিল'মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ বিশেষকৈ বেবেজীয়া ৰে'ল ক্ৰছিঙৰপৰা ঘাঁহীলৈকে এই অংশটোৰ চাইড বাম সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। এই অংশছোৱাত ইতিপূৰ্বে সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনা। কেইবাখনো উচ্চ শিক্ষানুষ্ঠানখন, ঐতিহাসিক কীৰ্তিচিহ্ন, ৰে'ল ষ্টে’চন, বজাৰ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিভিন্ন চৰকাৰী কাৰ্যালয় সংযোগী এই পথটোৰ এনে অৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক। 

কিন্তু পথটোৰ এনে শোচনীয় ৰূপেও গা লৰাব পৰা নাই গড়কাপ্তানি বিভাগৰ। কাজেই, স্থানীয় ৰাইজে মৰণফান্দলৈ পৰ্যবেসিত হোৱা পথটোৰ চাইড বামৰ উন্নীতকৰণৰ বাবে নগাঁও সদৰ সমষ্টিৰ বিধায়ক গৰাকীৰ হস্তক্ষেপলৈ আশাৰে বাট চাই ৰৈছে।