31
Jul
2017

Image for Representation
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৫৮ সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্নামেন্টত খেলাৰ যোগ্যতা অৰ্জন কৰিছে৷
ইতিমধ্য সামৰণি পৰা দেউকণ ট্ৰফী আন্তঃজিলা স্কুল ফুটবল টুৰ্ণামেন্টত চেম্পিয়নৰ খিতাপ দখল কৰাৰ সুবাদত এই যোগ্যতা শিক্ষানুষ্ঠানখনে অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে, গোৱালপাৰা জিলাৰ বিকালী ক্ৰীড়া সন্থাৰ খেলপথাৰত কালি সামৰণি পৰা টুৰ্ণামেন্টখনৰ চূড়ান্ত খেলত কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটোৱে ডিব্ৰগড়ৰ নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ন্যূনতম গ’লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ জয় কৰে ৷
এতিয়া কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অহা ৯-২৬ ছেপ্টেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া সুব্ৰত কাপত ভাগ ল’ব ৷