
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তত মঙলবাৰে বিয়লি ভাগতে সৃষ্টি হয় নিশাৰ দৰে পৰিৱেশ৷ অৱশ্যে এই পৰিৱেশ দীৰ্ঘ সময়ৰ বাবে নহয়৷ মাত্ৰ ১৫-২০ মিনিটমানৰ বাবেহে দেখা যায় এই পৰিৱেশ৷
পুৱাৰেপৰা বতৰ আন দিনাৰ দৰেই ফৰকাল হৈ থকাৰ বিপৰীতে প্ৰখৰ ৰ’দৰ উত্তাপে সকলোকে দহি ৰাখিছিল যদিও বিয়লি প্ৰায় ২.৪৫ বজাত চকমকাই থকা আকাশত হঠাতে ক’লা ডাৱৰে আবৰি ধৰে৷ লগে লগে প্ৰচণ্ড বেগত বতাহ বলিবলৈ ধৰাৰ সমান্তৰালকৈ ধাৰাষাৰ বৰষুণ নামি আহে৷
ফলত নিমিষতে চৌপাশ নিশাৰ অন্ধকাৰৰ দৰে হৈ পৰে৷ এনেদৰে প্ৰায় ১৫ মিনিট সময় প্ৰকৃতিয়ে তাণ্ডৱ চলাই দিনতে ৰাতিৰ দৰে পৰিৱেশ সৃষ্টি কৰে যদিও পাছত পৰিৱেশ স্বাভাবিক হৈ পৰে৷ উল্লেখ্য, এনে অনাহুত পৰিৱেশ সৃষ্টি হয় জিলাখনৰ বেবেজীয়া, হাতীচোং, জামুগুৰি, চকলাঘাট, ৰাইদঙীয়া, জাজৰি, ডিমৌ, দক্ষিণপাট, বৰক’লা, পেটবহা, ননৈ, হাতীগড়, কাছমাৰী, ভোমোৰাগুৰি, বৰছিলা, দলংঘাট আদি অঞ্চলত৷
দীৰ্ঘদিনে বৰষুণৰ অভাৱত ধূলিময় হৈ পৰা পৰিৱেশক সতেজ কৰি ধৰালৈ এজাক বৰষুণ এইদৰে নামি আহিলেও বৰষুণৰ সমান্তৰালকৈ অহা প্ৰচণ্ড ধুমুহা-বতাহে উক্ত অঞ্চলবোৰত যথেষ্ট ক্ষতি সাধন কৰে৷ ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ গছ-গছনি বাগৰি পৰি মানুহৰ ঘৰ-দুৱাৰ নষ্ট কৰাৰ বিপৰীতে বহুতৰে বাসগৃহ, গোহালি, নামঘৰ, ব্যৱসায়-প্ৰতিষ্ঠান আদিৰ টিনপাট বতাহে উৰুৱাই নিয়ে৷
অতি কম সময়ৰ ভিতৰত ধুমুহাই তাণ্ডৱ সৃষ্টি কৰাত ৰাইজৰ মাজত এক প্ৰকাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ আনকি ব্যৱসায়-বাণিজ্য আৰু যাতায়াত ব্যৱস্থা কিছুসময়ৰৰ বাবে একেবাৰে স্তব্ধ হৈ পৰে।
ইফালে, এই ধুমুহা-বতাহে জিলাখনৰ পশ্চিম ননৈৰ থানেমাই শইকীয়া, বুলুমাই ৰাজবংশী, কুঞ্জ বৰা, অতুল বৰা, নিধিৰাম বৰা আদি কেইবাজনো লোকৰ ঘৰ-বাৰীৰ যথেষ্ঠ অনিষ্ট সাধন কৰাৰ লগতে মিকিৰপাৰ উৰিয়া গাঁৱৰ নামঘৰৰ বিশেষ ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে৷