
নগাঁওঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনৰ অধীনত অনুষ্ঠিত স্বচ্ছগ্ৰাহী প্ৰতিযোগিতাত ভাগ লৈ বিশেষ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে নগাঁৱৰ যুৱক স্বৰ্নেন্দু বিশ্বাসে৷
স্বচ্ছ ভাৰতৰ অধীনত আয়োজন কৰা এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য আছিল দেশৰ প্ৰতিখন জিলাৰে পৌৰসভা সম্পৰ্কত ৰাইজৰ মতামতৰ প্ৰতিবেদন দাখিল কৰা৷
সৰ্বভাৰতীয় এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰি নগঞা যুৱক স্বৰ্নেন্দু বিশ্বাসে নগাঁও পৌৰসভা সন্দৰ্ভত নগঞা ৰাইজৰ মতামতৰ প্ৰতিবেদন 'স্বচ্ছ চাৰ্ভেকশ্বন' অনলাইন যোগে প্ৰেৰণ কৰিছিল৷ জানিব পৰা মতে, নগাঁও চহৰৰ প্ৰায় দুই শতাধিক লোকৰ পৌৰসভা সম্পৰ্কত মতামত প্ৰতিবেদনত সন্নিবিষ্ট কৰিছিল বিশ্বাসে৷
পৌৰসভা সন্দৰ্ভত ৰাইজৰ পৰা লাভ কৰা বিভিন্ন মতামত অনলাইন যোগে নিয়াৰিকৈ প্ৰেৰণ কৰাৰ বাবেই স্বৰ্নেন্দু বিশ্বাসে লাভ কৰিছে ছেক্ৰেটেৰী জেনেৰেল কোৱালিটি কাউন্সিল অৱ ইণ্ডিয়াৰ পৰা স্বচ্ছগ্ৰাহী প্ৰতিযোগিতাৰ এই বিশেষ সন্মান৷ ইয়াৰ বাবে স্বৰ্নেন্দু বিশ্বাসে লাভ কৰিছে এখন মানপত্ৰৰ লগতে নগদ ধন৷