নগাঁওঃ শিক্ষিত নিৱনুৱাই যি সময়ত কৰ্মসংস্থাপনৰ অভাৱত দিক-বিদিক হেৰুৱাইছে তেনে সময়তে নগাঁও জিলাৰ একাংশ যুৱকে ব্যস্ত হৈ পৰিছে ক্ষৌৰকৰ্মত৷ চৰকাৰী চাকৰিৰ আশা মনৰ পৰা আতৰাই নগাঁও জিলাৰ বহু যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলাৰ বিপৰীতে এচাম উদ্যমী শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে আকৌ নিজা ঐকান্তিক প্ৰচেষ্টাৰে স্বাৱলম্বী হোৱাৰ আপ্ৰাণ প্ৰয়াস চলোৱা দেখিবলৈ পোৱা গৈছে ৷

চৰকাৰী চাকৰিৰ এনে মহঙা দিনত এই পৰিশ্ৰমী যুৱক-যুৱতীসকল পথভ্ৰষ্ট নহৈ বাৰীৰ ফল-মূল কিম্বা শাক-পাচলি আদি বিক্ৰী কৰি পোৱা সঞ্চিত ধনৰ লগতে বেংকৰ পৰা ব্যক্তিগত ঋণ লৈ হ’লেও বিভিন্ন উপায়েৰে কষ্ট স্বীকাৰ কৰি আত্মনিৰ্ভশীলতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

এইসকলৰ ভিতৰৰে একাংশ দূৰদৰ্শী শিক্ষিত নিবনুৱা যুৱকে হাতত তুলি লৈছে কেচি আৰু ক্ষুৰ ৷ প্ৰসংগক্ৰমে প্ৰকাশ কৰিব পাৰি যে,পূৰ্বতে অসমীয়া সমাজত এই হাজাম বা নাপিতৰ বৃত্তিটো একপ্ৰকাৰ এক নীচ বৃত্তি বুলি গণ্য কৰি অহা হৈছিল আৰু সমাজৰ ৰোষত পৰাৰ ভয়ত কোনো অসমীয়া ব্যক্তি ইয়াৰ লগত জড়িত নহৈছিল ৷

যাৰ বাবেই বিশেষকৈ এই নাপিত বা হাজাম বৃত্তিটো বিহাৰৰ পৰা অহা এচাম বিহাৰী সম্প্ৰদায়ৰ লোকেহে সুকলমে চলাই আহিছিল ৷ কিন্তু বৰ্তমানৰ গতিশীল সময়ৰ পৰিৱৰ্তনৰ সোঁতত জটিল ৰূপ ধাৰণ কৰা ভয়ংকৰ নিবনুৱা সমস্যাৰ কৰাল গ্ৰাসত পৰি আত্মসংস্থাপন বিচাৰি হামৰাও কাঢ়ি ফুৰা এচাম অসমীয়া শিক্ষিত নিবনুৱা যুৱকে চাকৰিৰ আশাত বন্দী হৈ নাথাকি বিগত কেইবছৰ মানৰ পৰা হাতত ক্ষুৰ আৰু কেচি লৈ নাপিত বা হাজাম বৃত্তিত নামি পৰিছে ৷

সম্প্ৰতি জিলাখনৰ বেবেজীয়া, চকলাঘাট, ৰাইদঙীয়া, বৰচিলা, কাছমাৰী, দক্ষিণপাট, শেনচোৱা, হাতীচোং,ডিমৌ,চামগুৰি,ধিং,কামপুৰ,কঠিয়াতলি,জখলাবন্ধা,হাটবৰ,ৰহা আদিকে ধৰি অধিকাংশ গ্ৰামাঞ্চলত বহুকেইজন অসমীয়া শিক্ষিত যুৱকে এই বৃত্তিত আত্মনিয়োগ কৰি পৰিয়াল সুন্দৰভাৱে পোহ-পাল দি নিজেও খুব ভালদৰে চলি আহিছে৷  

ইফালে, এই উদ্যমী যুৱকসকলৰ দৰে উপৰোক্ত গ্ৰামাঞ্চলবোৰৰ ঠায়ে ঠায়ে একাংশ যুৱতীয়েও আকৌ নিজাববীয়াকৈ একোখনকৈ বিউটী পাৰ্লাৰ খুলি নিজে স্বাৱলম্বী হোৱাৰ বিপৰীতে নিজৰ পৰিয়ালৰ খা-খৰছ বহন কৰি নৱ-প্ৰজন্মৰ বাবে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷