হেমন্ত কলিতা, নলবাৰীঃ নলবাৰী জিলাৰ বৃহত্তৰ পূব বাঁহজানী অঞ্চলৰ মুগকুছি, বালামুগকুছি, তিলানা, সূতাৰকুছি, তেৰেছিয়া, কৰ্দৈতোলা আদি গাঁওসমূহৰ শিল্পীসকল এতিয়া জাপি তৈয়াৰ কৰাত দিনে-ৰাতিয়ে ব্যস্ত।

বিশেষকৈ তিলানা নামৰ গাঁওখনৰ প্ৰায় প্ৰতিটো পৰিয়ালে বংশানুক্ৰমে জাপি তৈয়াৰ কৰি আহিছে| গাঁওখনৰ এজন উদীয়মান যুৱক নৃপেন তামুলীয়ে ‘এবি আৰ্ট এণ্ড জাপি’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ জৰিয়তে আৰু হেমন্ত বৈশ্যই কেইবাজনো সহযোগীৰে জাপি তৈয়াৰ কৰি আহিছে।

এইবেলিও গুৱাহাটীৰ উপৰি বৰপেটা-পাঠশালা আদিলৈ বিহুৰ বতৰত তেওঁ সহস্ৰাধিক ফুলাম জাপি যোগান ধৰিব| ফুলাম জাপিৰ উপৰি ঘৰ শুৱনি কৰিবলৈ ঘড়ীযুক্ত বিশেষ জাপিও তৈয়াৰ কৰি তেওঁ ইতিমধ্যে সুনাম অৰ্জন কৰিছে|

আনহাতে, কোনো বিশেষ অনুষ্ঠান অথবা ব্যক্তিবিশেষক সম্বৰ্দ্ধনা জনাবলৈ প্ৰয়োজন হোৱা ফুলাম জাপি অৰ্ডাৰ অনুযায়ী যোগান ধৰে বুলি তেওঁ কয়| তেনেদৰে উক্ত গাঁওখনৰ আন এজন পঞ্চাশোৰ্দ্ধৰ জাপিৰ যাদুকৰ আছিল প্ৰফুল্ল বৈশ্য|

তেওঁ ঘাইকৈ বাঁহ আৰু টকৌপাতেৰে সাজি উলিয়ায় জাপিৰ মূল অৱয়ৱটো| সৰু সৰু বাঁহৰ কাঠীৰে সুন্দৰ আৰু নিখুঁতকৈ সাজি উলিওৱা জাপিৰ মূল অৱয়ৱবোৰ দেখিলে তবধ মানিব লাগিব| এনে মূল অৱয়ৱটোকে গাঁওখনৰ আন একাংশ লোকে কিনি নি কাপোৰ, চুমকি, লেছ আদি লগাই ফুলাম জাপি তৈয়াৰ কৰে| 

মুঠতে গাঁওখনতে কেইবাটাও পৰ্যায়ত তৈয়াৰ কৰা হয় জাপিসমূহ| আৰু বিভিন্ন প্ৰকাৰে জড়িত হৈ পৰিছে গাঁওখনৰ অধিকাংশ লোক| তেওঁ কয় যে এই শিল্পটো গাঁওখনৰ আন আন বাসিন্দাসকলৰ দৰে তেওঁলোকৰো বংশানুক্ৰমিক| 

পিতৃ প্ৰয়াত হৰকান্ত বৈশ্যৰপৰাই শিকিছিল জাপি তৈয়াৰ কৰা বিদ্যা| তেওঁৰ নিজৰ বাৰীতে আছে অসংখ্য বাঁহ; কিন্তু টকৌপাত নথকাত কিনিব লগা হয় ওচৰ-চুবুৰীয়াৰপৰা| তেওঁ চাৰি ইঞ্চিৰ সৰু ফুলাম জাপিৰ পৰা ৩৫ ফুট পৰ্যন্ত বৃহৎ আকাৰৰ ফুলাম জাপি তৈয়াৰ কৰি পাইছে| লগতে তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে এই কুটীৰ শিল্পটোৰপৰা উচিত পাৰিশ্ৰমিক পোৱা নাযায়| এচাম মধ্যভোগী লোকহে প্ৰত্যক্ষভাৱে লাভৱান হোৱা দেখা যায়|

তেনেদৰে শিল্পবিধৰ উন্নতিৰ হকে বিত্তীয় অনুষ্ঠানৰপৰা কোনো সহায় নোপোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰে তেওঁ| তেনেদৰে এইসকল কুটীৰ শিল্পীৰ হকে মাত মাতিবলৈ আজিকোপতি তেওঁলোকৰ নাই কোনো দল বা সংগঠন| গাঁওখনৰ আন এগৰাকী শিল্পী সুভাষ বৈশ্যই সুদীৰ্ঘ বিছ বছৰ কাল শিল্পটোৰ সৈতে জড়িত যদিও সময় আৰু মানুহৰ অভাৱত বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে|

বালামুগকুছিত কুটীৰ শিল্পটোৰ সৈতে জড়িত বিভিন্নজন ব্যক্তিৰপৰা জানিব পৰা গ’ল যে এই কুটীৰ শিল্পই যি ধৰণে অগ্ৰগতি লাভ কৰিব লাগিছিল, তেনে ধৰণে পৰা নাই| কাপোৰ, আঠা, চুমকি, লেছ্‌ আদি কেতবোৰ সামগ্ৰী বহি:ৰাজ্যৰপৰা আনিবলগা হয় যদিও কেঁচা সামগ্ৰী হিচাপে বাঁহ আৰু টকৌপাত অসমত পৰ্যাপ্ত পৰিমাণে পোৱা হেতুকে এই শিল্পটোৰ আছে প্ৰচুৰ সম্ভাৱা| পৰিবৰ্তনৰ কথা কোৱা চৰকাৰখনে শিল্পটোৰ উন্নতি আৰু প্ৰসাৰৰ হকে কাৰ্যকৰী ব্যৱস্থা হাতত ল’ব বুলি আশা কৰিছে|

সেয়ে হ’লে শিল্পটোৰ সৈতে জড়িত লোকসকল উপকৃত হোৱাৰ লগতে অসমৰ জাপিয়ে অধিক সমাদৰ নিশ্চয়কৈ লাভ কৰিব| ইয়াৰ অধিকাংশ বাসিন্দাই কেইবাটাও প্ৰজন্ম ধৰি জাপি তৈয়াৰ কৰি আহিছে| তেওঁলোকে নিজ ঘৰতে নিজৰবাৰীৰ বাঁহ আৰু টকৌপাতেৰে তৈয়াৰ কৰে জাপি| হালোৱা জাপিৰ বাবে কেৱল বাঁহ আৰু টকৌপাতেই যথেষ্ট যদিও ফুলাম জাপিৰ বাবে অতিৰিক্তকৈ সাধাৰণ সূতা, ঊণ সুতা, সাধাৰন কাপোৰ, ভেলভেট কাপোৰ, লেছ্‌, চুমকি আৰু আঠাৰ প্ৰয়োজন হয়| আনহাতে হালোৱা জাপিৰ চাহিদা কম| কেৱল বাৰিষাৰ চাৰিটা মাহত কৃষকক প্ৰয়োজন হয় বাবে অতি সীমিত সংখ্যক হালোৱা জাপি বা পানীদৈয়া জাপি তৈয়াৰ কৰিবলগীয়া হয় এইসকল লোকে| অৱশ্যে ফুলাম জাপিৰ চাহিদা যথেষ্ট বেছি আৰু প্ৰত্যেক বছৰে ফুলাম জাপিৰ চাহিদা বাঢ়িবলৈ লোৱাটো শুভ লক্ষণ| বছৰটোৰ আঠোটা মাহে ফুলাম জাপি ব্যৱহাৰ কৰা হয় বাবে চাহিদা বাঢ়ি গৈ থকাটো পৰিলক্ষিত হৈছে|

বিশেষকৈ ৰঙালী বিহুৰ বতৰত চাহিদা যথেষ্ট বৃদ্ধি পোৱা দেখা যায়| এনে চাহিদা পূৰণ কৰিবলৈ বৃহত্তৰ মুগকুছি অঞ্চলৰ এইসকল শিল্পীয়ে দিন-ৰাতি একাকাৰ কৰি জাপি তৈয়াৰ কৰে| মুগকুছিৰ উপৰি তিলানা গাঁৱত জাপি তৈয়াৰ কৰে আন এচাম শিল্পীয়ে| সেই সকলেও কেৱল জাপি তৈয়াৰ কৰিয়েই জীৱিকা নিৰ্বাহ কৰে| 

আনহাতে, বৃহত্তৰ তিলানাৰ জাপিৰ মূল্য তুলনামূলকভাৱে কম হোৱাত অসমৰ ইমূৰৰপৰা সিমূৰলৈ ইতিমধ্যে এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে| অৱশ্যে অসমৰ জাপিয়ে বহি:ৰাজ্যত অথবা বিদেশত এতিয়াও বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাই| যি সময়ত আমদানিকৃত সামগ্ৰীয়ে অসমীয়া লোকৰ ঘৰ শুৱনি কৰিছে, তেনে সময়ত অসমৰ ফুলাম জাপিয়েও বহি:ৰাজ্যত অথবা বিদেশত সমাদৰ লাভ কৰাৰ স্থল নিশ্চয় আছে| 

বিশেষকৈ ঘৰ শুৱনি কৰিবলৈ ফুলাম জাপি দেশ-বিদেশলৈ ৰপ্তানি কৰি এখন বজাৰ গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা নিশ্চয় আছে এই বুলি কয় তিলানা গাঁৱৰ প্ৰতিষ্ঠিত উদ্যোগী নৱ কুমাৰ কলিতাই| এই ক্ষেত্ৰত চৰকাৰৰ লগতে জাতীয় সংগঠনসমূহৰ উপৰি প্ৰবাসী অসমীয়াসকলৰো দায়িত্ব অপৰিসীম| এনে কাৰ্যত সফল হ’লে অসমৰ কুটীৰ শিল্পই দেশ-বিদেশত স্বীকৃতি লাভ কৰাৰ উপৰি শিল্পী সকলো উপকৃত হ’ব বুলি জনায়|