
নলবাৰীৰপৰা হেমন্ত কলিতাঃ নলবাৰী জিলাৰ বিভিন্ন ঠাইৰ লগতে বৃহত্তৰ বাহঁজানীৰ অন্তৰ্গত যজ্ঞভূমি অঞ্চলটোৰ এচাম ব্যস্ত পথ বিধ্বস্ত হৈ পৰিছে যদিও জনপ্ৰতিনিধিৰ কোনো গুৰুত্ব নোহোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে।
অঞ্চলটোৰ যজ্ঞভূমি পূজা খোলাৰপৰা ব্ৰহ্মচাৰী পুখুৰী হৈ জানিগোগ-চান্দুকুছি গড়কাপ্তানী পথ সংলগ্ন জৰাজীৰ্ণ গ্ৰাম্য পথচোৱা আন দুদিনৰ দৰে শুকুৰবাৰেও এচাম সচেতন যুৱকে মেৰামতি কৰি তীব্ৰ প্ৰতিবাদ কৰি চৰকাৰ তথা জনপ্ৰতিনিধিক ধিক্কাৰ দিয়ে।
বিগত অগপৰ দহ বছৰীয়া, কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া চৰকাৰৰ, বিধায়ক, পঞ্চায়ত প্ৰতিনিধিৰ লেখিয়া বৰ্তমানৰ পৰিৱৰ্তনকামী তিনি বছৰীয়া বিজেপি নেতৃত্বাধীন চৰকাৰ তথা জনপ্ৰতিনিধিসকলকো ৰাইজে যজ্ঞভূমি অঞ্চলৰ বহু কেইটা বিধ্বস্ত গ্ৰাম্য পথ নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছে যদিও কাণসাৰ নকৰাৰ অভিযোগ তুলিছে ৰাইজে।
তেনে এটা গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ হৈছে যজ্ঞভূমি পূজাৰ খোলাৰপৰা ব্ৰহ্মচাৰী পুখুৰী হৈ জানিগোগ-চান্দুকুছি গড়কাপ্তানী পথ সংলগ্ন পথচোৱা (কলখোৱা পথ) দীৰ্ঘদিন ধৰি নিৰ্মাণ বা মেৰামতিৰ ব্যৱস্থা নকৰাত সম্প্ৰতি বোকা-পানীৰে একাকাৰ হৈ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ীয়ে অহা যোৱা কৰাত চৰম দূৰৱস্থাৰ সন্মুখিন হৈছে।
প্ৰতি বাৰিষাতে বোকা-পানীৰ ওপৰেৰে ৰাইজে অহা-যোৱা কৰিব লাগে। উল্লেখ্য যে উক্ত পথটোৰে যজ্ঞভূমি জল্টিৰাম ডেকা সোঁৱৰণী বজাৰ, যজ্ঞভূমি আদৰ্শ সংস্কৃত টোল, যজ্ঞভূমি আদৰ্শ জাতীয় বিদ্যালয়, পূব বাহঁজানী গোপালথান বালিকা বিদ্যা মন্দিৰ, উত্তৰ বাহঁজানী অণ্ড বহুমুখী সমবায় সমিতিৰ কাৰ্যালয়, গোপালথান যজ্ঞভূমি উন্নয়ন সমিতিৰ কাৰ্যালয়কে ধৰি কেইবাটাও
অনুষ্ঠানক অহা-যোৱা কৰা ছুটি পথ।
তথাপি আজিলৈকে কৰ্তৃপক্ষই পথটোৰ নিৰ্মাণৰ দিহা নকৰিলে। আনকি পূৰ্বৰ স্থানীয় বিধায়ক ডঃ অলকা দেশাই শৰ্মা, মদন কলিতা, জয়ন্ত মল্ল বৰুৱা, আঠ নম্বৰ উত্তৰ বাহঁজানী গাঁও পঞ্চায়তৰ যোৱা কাৰ্যকালত কংগ্ৰেছ সভাপতি সবিতা তালুকদাৰ, জিন্টু মল্ল বুজৰবৰুৱা, অগপ সভাপতি নিৰেণ বৰুৱা, আঞ্চলিক সদস্য প্ৰফুল্ল ডেকা, মঞ্জু ডেকা, স্থানীয় গাঁও পঞ্চায়ত সদস্য নমিতা দেৱীক আবেদন-নিবেদন কৰিও কোন সুফল নোপোৱাৰ অভিযোগ আছে।
অৱশেষত আজি অঞ্চলটোৰ সচেতন যুৱক হৃষীকেশ শৰ্মা, সঞ্জীৱ ডেকা, প্ৰশান্ত ডেকা, নৱ ডেকা, হিৰণ্য শৰ্মা, ৰিংকু তালুকদাৰ, ৰাজু শৰ্মা, নয়নমণি শৰ্মা, ধ্ৰুৱজ্যোতি ডেকা, পুলকেশ শৰ্মা, দীপক কুমাৰ শৰ্মা, হৰজ্যোতি শৰ্মাৰ নেতৃত্বত পথচোৱা নিজৰ গাঁঠিৰ ধন খৰচ কৰি কিছু মেৰামতি কৰে আৰু চৰকাৰ-জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাই নহয় পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নৰ নগ্ন স্বৰূপ উদঙাই দিয়া বুলি চৰ্চা হৈছে ৰাইজৰ মাজত।
সম্প্ৰতি ৰাইজে বৰ্তমানৰ স্থানীয় বিধায়ক অশোক শৰ্মা, পঞ্চায়ত সভানেত্ৰী আৰতি বৈশ্য, আঞ্চলিক সদস্য হিতেশ তালুকদাৰ, পঞ্চায়ত সদস্য নৱ ডেকাক পথটো নিৰ্মাণৰ দিহা কৰিবলৈ দাবী জনাইছে।