
মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী থানাৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত যোৱা নিশা এজন এন ডি এফ বি সদস্য আটক হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা চম্পিৰাম দৈমাৰী ওৰফে গাডামালা (২৬) নামৰ এন ডি এফ বি সদস্যজনৰ স্বীকাৰোক্তিৰ পৰা জানিব পৰা মতে সদস্যজন ৰঞ্জন দৈমাৰী সংগঠনটোৰ মূৰব্বী হৈ থকাৰ সময়তে এন ডি এফ বিত যোগদান কৰিছিল।
সংগঠনটোত কেইবছৰমান থকাৰ পাছত তাৰপৰা পলাই আহি যোৱা পাঁচ বছৰ ধৰি তামিলনাডুৰ এটা মাছৰ কোম্পানীত শ্ৰমিক হিচাবে কাম কৰি আছিল।
কিছুদিন পূৰ্বে ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত বিলাছিগুৰি গাঁৱৰ ঘৰত চম্পিৰাম দৈমাৰী ওৰফে গাডামালা অহা বুলি খবৰ পাই সেনা-আৰক্ষীৰ এটা দলে যোৱা নিশা অতৰ্কিতে অভিযান চলাই শোৱাপাটীতে সদস্যজনক আটক কৰে আৰু মিছামাৰী থানালৈ লৈ আহে।
সদস্যজনৰ স্বীকাৰোক্তিৰ পৰা আৰু জানিব পৰা মতে এন ডি এফ বিত থকা সময়ত বাহিৰত প্ৰশিক্ষণো লৈছিল আৰু পৰৱর্তী সময়ত সংগঠনটোৰ পৰা পলাই আহি ঘৰত বিয়া-বাৰু কৰি সাংসাৰিক কামত ব্যস্ত হৈছিল।
উল্লেখ্য যে ২০১৪ চনৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত এন ডি এফ বিৰ বিৰুদ্ধে সেনাৰ অল আউট অভিযান জাপি দিয়াৰ পাছত সন্ত্ৰাসবাদী সংগঠনটো নিৰ্মূল হোৱা বুলি ৰাইজে আত্ম প্ৰকাশ কৰাৰ পাছতো মাজে মাজে অঞ্চলটোৰ পৰা এন ডি এফ বিৰ সদস্য আটক হোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে।