
মুকালমুৱাঃ এজন মানুহক সাঙীত উঠাই দুজন লোকে কান্ধত লৈ পথেৰে তীব্ৰ বেগে খোজকাঢ়িছে৷ সাঙী কান্ধত লোৱা লোক দুজনক যেন পিছফালৰ পৰা বাঘেহে খেদিছে৷
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত পৃথিৱীখনৰ দ্ৰুত উন্নয়ন হৈছে যদিও হঠাৎ মানুহ সাঙীত কিয় উঠিল৷ মানুহ এতিয়া দুচকীয়া চাৰিচকীয়া বাহনত উঠিহে ভ্ৰমণ কৰে৷ সাঙীত উঠা দিন নাই৷
সেয়ে ৰাজপথেৰে তীব্ৰ বেগে খোজকাঢ়ি সাঙী কঢ়িওৱা লোক দুজনক সকলোৱে জুমি জুমি চাই উৎসুক হৈ পৰিছে৷ পাছত গম পালে যে, সাঙীত শুই থকা লোকজনৰ অত্যন্ত পেটৰ বিষত হোৱাত চিকিৎসালয়লৈ নিয়া হৈছে।
নলবাৰী জিলাৰ বৰক্ষেত্ৰী ভাঙনমাৰী চৰৰ ৰুগীয়া লোকজনক এখন এখনকৈ দুখন চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসক নাপায় বিনা চিকিৎসাই মৃত্যুক আকোৱালি লয়৷
প্ৰাপ্ত বাতৰি মতে, শনিবাৰে দিনৰ প্ৰায় দহ বজাত বৰক্ষেত্ৰী ভাঙনমাৰী চৰৰ ফৰমান ভূঞা(৪৬) নামৰ লোকজনৰ অত্যন্ত পেটৰ বিষ আৰম্ভ হয়৷ দৰিদ্ৰ লোকজনক পৰিয়ালৰ লোকে প্ৰথমে স্থানীয় ভাঙোনমাৰী চিকিৎসালয়ত ভৰ্তি কৰাইছিল।
স্থানীয় ৩০খন বিচনাযুক্ত চিকিৎসালয়ত চিকিৎসক নথকাৰ ফলত ১০ কিঃ মিঃ নিলগৰ কুৰিহামাৰী চিকিৎসালয়লৈ সাঙীত বান্ধি নি ভৰ্তি কৰোৱা হয়।
কুৰিহামাৰী চিকিৎসালয়তো চিকিৎসক নাপাই অৱশেষত বিয়লি লোকজনৰ বিনা চিকিৎসাই মৃত্যু হয়। জানিব পৰা মতে, বৰক্ষেত্ৰীত কিছু দিন পূৰ্বে এটি শিশুৰো বিনা চিকিৎসাই মৃত্যু হৈছিল৷।
ৰাজধানী মহানগৰীৰ পৰা কিছু নিলগৰ বৰক্ষেত্ৰীত এতিয়া চিকিৎসা নাপাই এনেদৰে ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হোৱাত বৰ বৰ কথা কোৱা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।