
টিংখাংঃ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰাক্তন সভাপতি বৰ্তমানৰ মুখ্য উপদেষ্টা, বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ চেনিৰাম খনিকৰৰ সোমবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিংহোমত পৰলোকপ্ৰাপ্তি ঘটে। শিক্ষকতাৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ ক্ষুদ্ৰ চাহ খেতিত আত্মনিয়োগ কৰি নিজকে এজন সফল ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।
সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সৈতে জন্মলগ্নৰে পৰা জড়িত হৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ হকে অহোপুৰুষাৰ্থ প্ৰচেষ্টা হাতত লৈছিল। তেওঁৰ মৃত্যুত সমগ্র টিংখাঙতে গভীৰ শোকৰ ছাঁ পৰে। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সভাপতি গোপাল কৃষ্ণ খাউণ্ড আৰু সাধাৰণ সম্পাদক ৰোহিত বৰগোহাঁয়ে গভীৰ শোক প্ৰকাশ কৰি এসপ্তাহৰ বাবে সন্থাৰ সকলো কাৰ্যালয়ৰ পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব বুলি জানিবলৈ দিয়ে।
মঙলবাৰে পুৱা প্ৰয়াত চেনিৰাম খনিকৰৰ নশ্বৰ দেহ টিংখাঙৰ বিভিন্ন দল সংগঠনে সমদল কৰি শেষ শ্ৰদ্ধা জনায়। টিংখাং মডেল একাডেমী, টিংখাং শাখা সাহিত্য সভা, টিংখাং মহাবিদ্যালয়, ৰাজগড় কণিষ্ঠ মহাবিদ্যালয়, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি যাচে।
অসম চৰকাৰৰ প্ৰতিনিধি স্থানীয় বিধায়ক বিমল বৰাই চেনিৰাম খনিকৰৰ প্ৰয়াত খনিকৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওৰ মৃত্যুক টিংখাঙৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মত প্ৰকাশ কৰে। প্ৰয়াত খনিকৰৰ মৃত্যুত টিংখাং আঞ্চলিক ছাত্ৰ সন্থা, আপকুৰ কেন্দ্ৰীয় সমিতি, টিংখাং শাখা সাহিত্য সভা, টিংখাং সাংবাদিক সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে৷