জোনাইঃ ক্ৰমান্বয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে৷ নেৰানেপেৰা বৰষুণৰ ফলত পুনৰাই বানৰ কবলত পৰিছে ৰাজ্যৰ বহু অঞ্চল৷ পুনৰ ঘৰ-দুৱাৰ বুৰ যোৱাত হাহাকাৰ কৰিব লগা বহু লোক৷ শেহতীয়াকৈ জোনাই মহকুমাৰ শতাধিক গাঁও বানৰ কবলত পৰিছে।

মহকুমাটোৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ মৰা দিখাৰী গাঁৱৰ পানীত বুৰগৈ থকা এটা পৰিয়ালে নিৰাপদ আশ্ৰয় বিছাৰি আবেলি ৩ টামান বজাত নাৱেৰে আহি থাকোতে দিখাৰী কমলপুৰত নাওখন দুৰ্ঘটনাত পতিত হয়। নাওৰ পৰা পৰি ৰাজু ওৰফে ভাইটি ৰাভাৰ (৭) মৃত্যু হয়৷

সৰু ৰাভাৰ পৰিয়ালটো নাওখনত আহি থাকোতেই তিনিটা সন্তানসহ পানীত পৰে৷ দুটি সন্তান আৰু খোদ সৰু ৰাভাই প্ৰাণ বচাবলৈ সক্ষম হয় যদিও পুত্ৰ ভাইটিৰ মৃতদেহ বহু সময়ৰ মূৰকত উদ্ধাৰ হয়৷ আনহাতে পত্নী পদ্মা ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই৷

ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত আছিল যদিও উদ্ধাৰ কৰিব পৰা নাই পদ্মাক৷ নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত জোনাই মহকুমাৰ লালীপৰীয়া  বহু অঞ্চল বানত প্লাৱিত হয়। বিশেষকৈ কবু চাপৰি, বেৰা চাপৰি, মুনমোনি চাপৰি আদিৰ লগতে চিলে, বাহিৰ জোনাই, গালী, বিজয়পুৰ, লাইমেকুৰী আৰু ৰামধন দিখাৰী পঞ্চায়তৰ বিস্তীৰ্ণ এলেকা পানীত ডুব যায়৷ ইমানৰ পিছতো চৰকাৰ তথা প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷