
newsnextone.com। ডিজিটেল ডেস্কঃ আপুনি অনলাইনযোগে আৰক্ষীক এজাহাৰ দিব পাৰিবনে? ই-এফ আই আৰ গ্ৰহণযোগ্যতা কিমান? এই কথা দেশৰ গৃহ মন্ত্ৰণালয়ে সুধিছে দেশৰ ল’ কমিশ্যনক।
উল্লেখযোগ্য যে, কোনো লোকে এফ আই আৰ দাখিল কৰিলে সেয়া চি আৰ পি চি ১৫৪ধাৰাৰ মতে, গোপনীয় হ’ব লাগে। এনে তথ্য কেতিয়াও ৰাজহুৱা হ’ব নোৱাৰে।
কিন্তু অনলইনযোগে এফ আই আৰ দাখিল কৰিলে সেই ধাৰা ভংগ হ’ব। সেয়েহে অনলাইনযোগে এফ আই আৰ গ্ৰহণ কৰিবলৈ আইনৰ এই ধাৰাৰো সংশোধনৰ প্ৰয়োজন হৈছে। ল’ কমিশ্যনে এই বিষয়টো পৰীক্ষা কৰিব আৰু গৃহ মন্ত্ৰণালয়ক এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব।
থানাত যাবলৈ অসুবিধাৰ সন্মুখীন হোৱা আৰু ঘৰৰ পৰাই অনলাইনযোগে এজাহাৰ দাখিল কৰিব পৰা সুবিধা ল’ব খোজে নাগৰিকে। কিন্তু এই ক্ষেত্ৰত অনলাইনযোগে এজাহাৰ দাখিলৰ গইনাৰে কোনো বিশেষ ব্যক্তিৰ মৰ্যাদা হননৰ দৰে ঘটনা সংঘটিত হ’ব পাৰে। এই দিশটোক ল’ কমিশ্যনে বিবেচনা কৰিব। ল’ কমিশ্যনৰ পৰা পোৱা পৰামৰ্শৰ পাছতেই গৃহ মন্ত্ৰণালয়ে এই বিষয়টো বিবেচনা কৰি চাব।