গুৱাহাটীঃ বিগত কিছুদিন ধৰি অসমৰ ৰাইজ বানপানীত ককবকাই থকাৰ পিছতো কেৱল মুখ্যমন্ত্ৰীলৈ ফোন কৰিয়েই দায়িত্ব সামৰিলে বুলি বিৰোধীপক্ষই তীব্ৰ সমালোচনা কৰি আহিছিল৷ কিন্ত মঙলবাৰে বিৰোধীৰ সকলো অভিযোগক ভিত্তিহীন প্ৰমাণিত কৰি পলমকৈ হ'লেও উপস্থিত হৈ ঘোষণা কৰে কেইবাটাও উল্লেখনীয় পেকেজ৷

প্ৰধানমন্ত্ৰীৰ এই ৫ঘন্টীয়া অসম ভ্ৰমণ কালত মোদীয়ে উত্তৰ-পূবৰ পাঁচৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কেইবালানিও বৈঠকত অংশ গ্ৰহণ কৰে৷ উত্তৰ-পূবৰ বান আৰু ভূমিস্খলনত বিধ্বস্ত ৰাজ্যকেইখনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে ২০০০ কোটিৰ পেকেজ।

একেদৰে অসমৰ বাবে তাৎক্ষণিক বান সাহায্য হিচাপে মোদীয়ে ২৫০ কোটি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে ৩৫৫ কোটি টকা ৰাজ্যখনলৈ মুকলি কৰি দিছিল কেন্দ্ৰই৷ আনহাতে, ব্ৰহ্মপুত্ৰৰ গতিবিধি পৰ্যবেক্ষণ কৰি ৰাজ্যখনৰ বান সমস্যাৰ স্থায়ী সমাধানৰ অৰ্থে অসমৰ বাবে আছুতীয়াকৈ মোদীয়ে ঘোষণা কৰে ১০০ কোটি টকা। 

উল্লেখ্য যে ৰাজ্যৰ বান পৰিস্থিতিয়ে  জটিল ৰূপ ধাৰণ কৰাৰ সময়তেই প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লৈছিল৷ পৰৱৰ্তী সময়ত মোদীৰ নিৰ্দেশমৰ্মে কেন্দ্ৰীয় কিৰেণ ৰিজিজুকে প্ৰমুখ্য কৰি কেন্দ্ৰৰ যুটীয়া সচিব শশাংক শেখৰৰ নেতৃত্বত এটি উচ্চ পৰ্যায়ৰ দলে পৰিস্থিতিৰ  অধ্যয়ন কৰি ইতিমধ্যে কেন্দ্ৰ চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে৷

দিনদিয়েকপূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন কি বাত অনুষ্ঠানত অসমৰ বান পৰিস্থিতিকলৈ  উদ্বিগ্নতা প্ৰকাশ কৰি সহায়ৰ আশ্বাস প্ৰদান কৰছিল ৷ এই অনুযায়ী মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা বিশেষ পেকেজৰ জৰয়িতে কাৰ্যত  তেওঁৰ অষ্টলক্ষ্মীৰ প্ৰতি থকা দায়ৱদ্ধতা প্ৰকাশ পাইছে বুলি চৰ্চিত হৈছে।

অৱশ্যে ইমানৰ পিছতো সন্তুষ্ট হ'ব পৰা নাই বিৰোধী কংগ্ৰেছৰ লগতে সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে আদি কৰি কেবাটাও দল সংগঠন।

পূৰ্বে ঘোষণা কৰা ৩৫৫ কোটি টকাৰ মোদীৰ এই ভ্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰাৰ লগতে বিৰোধী কংগ্ৰেছ আৰু আন সংগঠনসমূহে উত্তৰ-পূবৰ বাবে উমৈহতীয়াকৈ ঘোষণা কৰা ২০০০ কোটিত ৰাজনৈতিক উদ্দেশ্য লুকাই থকা বুলি সন্দেহ প্ৰকাশ কৰে। একেদৰে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাতো ক্ষোভ প্ৰকাশ কৰে আছু আৰু যুৱ-ছাত্ৰ পৰিষদে।