কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ফলত ৰাজ্যখনত যাতে অশান্তজৰ্জৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি কোকৰাঝাৰত এক সৰ্বদলীয় শান্তি সভা অনুষ্ঠিত হয়৷ কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা সৰ্বদলীয় শান্তি সভাত উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে দুষ্কৃতিকাৰীৰ হাতত নিহত হোৱা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডত শোক প্ৰকাশ কৰি তদন্তৰ জৰিয়তে দোষীক শাস্তি বিহাৰ পোষকতা কৰে৷

♦ তদন্ত সঠিক পথেৰে আগবাঢ়িছেঃ আৰক্ষী অধীক্ষক

ছাত্ৰ নেতাগৰাকীৰ হত্যাকাণ্ডই যাতে সমাজত কোনো দুষ্ট চক্ৰই বিষবাষ্প সৃষ্টি নকৰে তাৰ প্ৰতি সকলো ভাষা-ধৰ্মাৱলম্বীৰ লোকক সৰ্তকতাৰে শান্তিৰ হকে কাম কৰাৰ আহ্বান জনাইছে জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে৷ আজিৰ সৰ্বদলীয় সভাত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙেও অংশগ্ৰহণ কৰি লাফিকুলৰ হত্যাকাণ্ডৰ তদন্ত অসম আৰক্ষীৰ বিশেষ তদন্ত গোটৰ (এচআই টি )জৰিয়তে ক্ষিপ্ৰ গতিত চলাই থকা হৈছে বুলি সদৰী কৰি হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে কেইবাজনো ব্যাক্তিক গোপনীয়তাৰে সোধ-পোছ অব্যাহত ৰখা হৈছে বুলি সদৰী কৰিছে৷

লাফিকুল হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰখা এছআইটিৰ দলটোক চিআইডিৰ এটা দলে সহযোগিতা আগবঢ়োৱাৰ তথ্য সদৰী কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে লাফিকুলৰ হত্যাকাণ্ডক লৈ কিছুমান ব্যক্তিয়ে ছচিয়েল মিডিয়াত আপত্তিজনৰ মন্তব্য আগবঢ়োৱাৰ বাবেও দুটাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু সমগ্ৰ দিশটোৰ ওপৰত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে  বুলিও সদৰী কৰে আৰক্ষী অধীক্ষক ৰাজেন সিঙে৷ তদুপৰি হত্যাকাণ্ডৰ সময়ত লাফিকুলৰ লগত থকা দুটা মোবাইল ফৰেনছিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা বুলি মন্তব্য কৰিছে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে।

উল্লেখ্য যে তদন্তৰ খাতিৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সাহাই কোকৰাঝাৰতে বাহৰ পাতি আছে আৰু তদন্তৰ সমগ্ৰ দিশটো পুংখানুপুংখভাৱে তদাৰকীকৰণ কৰিছে ৷ ইফালে কোকৰাঝাৰত লাফিকুলৰ হত্যাকাণ্ডৰ পিছত হোৱা উত্তেজনাময় পৰিস্থিতিৰ পিছতো সকলো দল-সংগঠনে ধনাত্মক দৃষ্টিভঙ্গীৰে পৰিস্থিতি সুস্থিৰ কৰি ৰাখিবলৈ সক্ষম হোৱাত  কোকৰাঝাৰ জিলা অাৰক্ষী অধীক্ষক ৰাজেন সিঙে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ আজিৰ সৰ্বদলীয় সভাত এবিএমছু, এবছু,আক্ৰাছু, আছু,আছা, আগছু আদিকে ধৰি বিজেপি,কংগ্ৰেছ,বিপিএফ,ইউপিপি (এল) আৰু বড়ো সাহিত্য সভাৰ নেতৃত্ববৃন্দই উপস্থিত থাকি লাফিকুলৰ হত্যাকাণ্ডক একমুখে ধিক্কাৰ দি দোষীক কৰায়ত্ব কৰি আইনগতভাৱে শাস্তি প্ৰদানৰ পোষকতা কৰিছে।