খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত মণ্ডলপাৰা গাঁৱৰ এটি ৰাজহুৱা ব্যস্ত পথৰ জৰাজীৰ্ণ অৱস্থাই ত্ৰাহিমধুসুদন সোৱৰাইছে অঞ্চলবাসীক ৷ চৰকাৰক কাকুতি মিনতি কৰি ফল নধৰাত ৰাইজে যাতায়তৰ সুবিধাৰ বাবে শ্ৰমদানেৰে মেৰামতি কৰিলে পথটো।

ক্ষুব্ধ ৰাইজে ক্ষোভ উজাৰি জনপ্ৰতিনিধি সকলে নিৰ্বাচনৰ সময়ত পথ নিৰ্মানৰ প্ৰতিশ্ৰুতি দি ভোট হে লয় বুলি কয়। দেশ স্বাধীন হোৱাৰ পিছত দলগাঁও সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আহিছে ক্ৰমে বিধায়ক মতলিব উদ্দিন, আনোৱাৰা টাইমুৰ, আব্দুল জব্বাৰ আৰু বৰ্তমানৰ বিধায়ক ইলিয়াছ আলী।

কিন্তু কৃষিজীৱী খাৰুপেটীয়া অঞ্চলৰ কৃষকসকলৰ এই পথটো নিৰ্মানৰ ব্যৱস্থা নকৰিলে কোনো এজন জনপ্ৰতিনিধিয়ে। আগন্তক গাঁওপঞ্চায়ত নিৰ্বাচনত ভোট ভিক্ষা খুজিব অহা জনপ্ৰতিনিধিসকলক এশিকনী দিয়াৰ সিদ্ধান্ত লৈছে ক্ষুব্ধ ৰাইজে।

মণ্ডলপাৰাৰ এইটো পথেৰে অসমৰ ভিতৰত শাক পাঁচলিৰ বাবে বিখ্যাত বালুগাঁও বজাৰলৈ অহা যোৱা কৰে হাজাৰ হাজাৰ লোক ৷ দশক দশক ধৰি উপক্ষিত পথটো জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ আজি ৰাইজেই হাতে হাতে কোৰ লৈ পথটো মেৰামতি কৰে। গাঁও খনৰ তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো ৰমজান ৰোজা ৰাখিও শ শ লোক ওলাই আহি মেৰামতি কৰে।