
শিৱসাগৰঃ আৰ্থিক দৈন্যতা নেওচি উজলিল এজন মেধাবী ছাত্ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰা এইজন কৃতী ছাত্ৰৰ ঘৰ ৰংঘৰ চাৰি আলি দুবৰণী আলিত।
শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্ৰ ছফিকুল হুছেইন নামৰ এই মেধাৱী ছাত্ৰগৰাকীয়ে দৰিদ্ৰতা তথা কঠিন পৰিস্থিতিকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে।
৭৬ শতাংশ নম্বৰ প্ৰাপ্তিৰে উত্তীৰ্ণ হোৱাৰ আৰ্থিক অনাটনত ভোগা পৰিয়ালটোৰ পিতৃ বাবুল হুছেইন আৰু মাতৃ চফিয়া বেগমৰ পুত্ৰ ছফিকুলক আনৰ দৰে সুবিধা কৰি দিব নোৱাৰা স্বত্বেও হাৰ নামানিলে ছফিকুলে।
বিদ্যুৎ নথকাকৈ হাত লেমৰ পোহৰত পঢ়িয়েই পৰীক্ষাত অৱৰ্তীৰ্ণ হয় ছফিকুল। অৱশ্যে বেছি বেছি সময় দিনৰ পোহৰতে ছফিকুলে পঢ়া শুনা কৰিছিল। মনৰ প্ৰবল ইচ্ছা শক্তিৰে সফলতা লাভ কৰা ছফিকুলে অসমীয়াত ৮৪, ভূগোলত ৮৩, বিজ্ঞানত ৭৫, ইংৰাজীত ৭৩, সমাজবিদ্যাত ৭৩, অংকত ৬৫ নম্বৰ সহ মুঠ ৪৫৩ নম্বৰ লাভ কৰে। সঁচা অৰ্থত দৰিদ্ৰতাক জয় কৰি সফলতা লাভ কৰা এনে প্ৰকৃত শিক্ষাৰ্থীক হৃদয়বানসকলে সহায় কৰিলে সমাজৰে হিত সাধন হ’ব বুলি গাঁৱৰ ৰাইজে কয়।