তুলসীবাৰীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আহিছে যদিও কেন্দ্ৰীয় চৰকাৰৰ বিষয়া-কৰ্মচাৰীয়ে মোদীৰ কথা মতে কাম কৰিছেনে?

তথ্য আৰু প্ৰযুক্তিৰ সদ-ব্যৱহাৰেৰে আজি পৃথিৱীখন দ্ৰুত গতিত আগবাঢ়িছে৷ কম সময়ৰ ভিতৰত মানুহে বেছি কাম কৰিব পৰা হৈছে৷

ইয়াৰ মাজতে ৰঙিয়াত ডাক বিভাগৰ হেমাহিৰ বাবে চাকৰিৰ আবেদন কৰা প্ৰাৰ্থী এজনে সাক্ষাৎকাৰৰ পাছতহে লাভ কৰিলে কলিং লেটাৰ৷ যাৰ পৰিপ্ৰেক্ষিতত সাক্ষাৎকাৰৰ পৰা যুৱকজন বঞ্চিত হ'ব লগীয়া হয়। 

বিছেন্নালা গাঁৱৰ যুৱক ইন্দ্ৰজিত ডেকাই হাই উইংচ এভিয়েচন নামৰ এয়াৰলাইনছ সংস্থাৰ এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ পদত আবেদন জনাইছিল৷ বিভাগে যোৱা ৯ জুলাইত সাক্ষাৎকাৰ অনুষ্ঠিত কৰে যদিও ইন্দ্ৰজিতে কলিং লেটাৰ লাভ কৰে ১৩ জুলাইত৷

চাৰি দিন পূৰ্বে অনুষ্ঠিত হৈ যোৱা সাক্ষাৎকাৰৰ কলিং লেটাৰখন পলমকৈ লাভ কৰাত তেওঁৰ চকু কপালত উঠে৷ এই সন্দৰ্ভত ৰঙিয়া নগৰস্থিত প্ৰধান ডাক কাৰ্যালয়ত যোগাযোগ কৰাত ৩ জুলাইত জামতোলা শাখা ডাকঘৰৰ পোষ্টমাষ্টৰে উক্ত পত্ৰখন নিয়া বুলি অবগত কৰে যুৱকজনক৷

আশ্চৰ্যজনকভাৱে ১০দিন পলমকৈ ডাকঘৰৰ কৰ্মচাৰীজনে পত্ৰখন প্ৰদান কৰে৷ ডাক বিভাগৰ হেমাহিৰ বাবে নিৱনুৱা যুৱকজনৰ ভবিষ্যতক লৈ হেতালি খেলা কাণ্ডক একমুখে ধিক্কাৰ দি তদন্তৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে৷