The Indian Express
The Indian Express

ডিজিটেল ডেস্কঃ দেশৰ ভিন্ন ক্ষেত্ৰত প্ৰত্যেক বছৰেই বৃহৎ সংখ্যক ৰূপত প্ৰতিভাৰ বিকাশ ঘটি আহিছে৷ ইয়াৰে কিছুসংখ্যকে বিশ্ববাসীক চমকিত কৰি তুলিবলৈও সক্ষম হৈছে৷ এই প্ৰতিভাধৰসকলৰ মাজৰে কেইজনমান বছা বছা লোকক যদি শুদ্ধৰূপত তথা নৱোন্মেষ ঘটোৱাৰ দায়িত্ব অৰ্পণ কৰা হয়, তেতিয়া নিশ্চয়কৈ মানৱতাৰ উত্তৰণ ঘটিব৷ এই মন্তব্য আগবঢ়াই দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে৷ 

দেশৰ আইআইটি, আইআইএম, এনআইটি, মেডিকেল আদিত অধ্যয়ন কৰি উজ্বলি উঠা বহু লোকেই বৃহৎ কোম্পানী, উদ্যোগ-প্ৰতিষ্ঠান, কৰ্পোৰেট ক্ষেত্ৰত সংস্থাপিত হয়৷ এনে ক্ষেত্ৰত সংস্থাপন লাভ কৰি প্ৰতিভাধাৰী সকলে সন্তুষ্টি লভিব পাৰে কিন্তু এইটো কথাৰ প্ৰতি ধ্যান দিয়া উচিত যে, চি ভি ৰমণৰ পাছত কোনো এগৰাকী ভাৰতীয়েই দেশৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্ম সেৱা আগবঢ়াই নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ 

‘ক্যোএছ-হৰা’ শীৰ্ষক উচ্চ শিক্ষাৰ ৰেটিঙ প্ৰণালী শুভাৰম্ভ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে কয়, ডা০ হৰগোবিন্দ খোৰানা, অমৰ্ত্য সেন আদিয়ে নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল দেশৰ বাহিৰত কাম কৰিহে৷ ইয়াৰ অৰ্থ এয়ে যে, আমাৰ শৈক্ষিক ক্ষেত্ৰত কিবা নহয় কিবা এটা আসোঁৱাহ ৰৈ গৈছে৷ 

মুখাৰ্জীয়ে অনুষ্ঠানটোত মতপোষণ কৰে যে, আমি এই বিষয়টোৰ সন্দৰ্ভত গুৰুত্বসহকাৰে বিচাৰ কৰা উচিত৷ কিয়নো দেশৰ প্ৰজ্ঞাৰ বলত উজ্জ্বলি উঠা প্ৰতিভাধৰসকল বিজ্ঞানীহওক, যিসকলে দেশত নৱোন্মেষৰ সূচনা কৰিব পৰাৰ ব্যৱস্থা সৃষ্টি কৰিব পাৰে আৰু এই লোকসকলেই দেশৰ ভুলুণ্ঠিত মানৱতাক পুনৰোজ্জীৱিত কৰিব পাৰে৷       

প্ৰণৱ মুখাৰ্জীয়ে ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ছোৱাত প্ৰতিটো অনুষ্ঠানতে শিক্ষাৰ গুণাৱলী তথা শিক্ষাৰ মান উচ্চ পৰ্যায়ৰ হোৱাৰ প্ৰসংগত ভাষণ প্ৰদান কৰিছিল৷ ভাৰতীয় সভ্যতা সন্দৰ্ভতো মুখাৰ্জীয়ে মন্তব্য প্ৰকাশ কৰা৷ ভাৰতৰ সভ্যতা বিশ্বৰ ভিতৰতে পুৰণি সভ্যতা হোৱাৰ লগতে  সৰ্বাধিক যুৱপ্ৰজন্মৰ সংখ্যা থকা দেশ হিচাপে পৰিগণিত হৈছে৷ 

বৰ্তমান দেশৰ সৰ্বমুঠ জনসংখ্যাৰ ভিতৰত ৬৫ শতাংশই ৩৫ বছৰৰ তলৰ যুৱক-যুৱতী৷ ২০৩০ চনত এইসকলৰ ভিতৰৰে কৰ্মক্ষম যুৱকৰ গড় বয়স হ’বগৈ ২৯ বছৰ৷ সময় দ্ৰুতগতিত আগবাঢ়ি গৈ থকাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে দেশৰ উদ্যমী যুৱক সকলক দেশৰ সমূহীয়া ক্ষেত্ৰত নিয়োগ কৰি সামাজিক বিকাশ সাধন হ’ব পৰা বিষয়টোত গুৰুত্ব প্ৰদান কৰিবলৈ দেশবাসীক আহ্বান জনায়৷