মৰিয়নীঃ গণ অধিকাৰ সংগ্ৰাম সমিতিয়ে আজি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মৰিয়নীৰ নাগাজাংকাস্থিত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

মৰিয়নী সমষ্টিৰ দিচৈ চাহ বাগিছাত যোৱা ১৫ বছৰে ১১১গৰাকী উপভোক্তাক ক্লাষ্টাৰ মিটাৰৰ জৰিয়তে তিনিমাহৰ মূৰকত তিনি লাখ টকা বিল প্ৰেৰণ কৰাত ক্ষোভিত হৈ পৰে শ্ৰমিকসকল।

এই মিটাৰৰ জৰিয়তে শ্ৰমিকক লুণ্ঠন চলাই অহা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে স্থানীয় বিধায়কক ২৮ এপ্ৰিলত স্মাৰক পত্ৰ প্ৰদান কৰি ক্লাষ্টাৰ মিটাৰ সলনি কৰি দিয়াৰ দাবী জনায়৷

বিধায়কে গুৰুত্ব আৰোপ নকৰাত আজি সকলো শ্ৰমিকৰ গৃহত ব্যক্তিগত মিটাৰ সংযোগ দিয়া, অতিৰিক্ত মাচুল এসপ্তাহৰ ভিতৰত প্ৰত্যাহাৰ কৰাৰ দাবীত মৰিয়নীৰ নাগাজাংকাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে৷