
চাবুৱাঃ এটি পথ৷ যোৱা ১৬ বছৰে মাটি এচপৰাও পৰা নাই পথটোত৷ কিন্তু আজি অভিযন্তাই কথা দিলে ১০ দিনৰ ভিতৰত মেৰামতি কৰা হ’ব পথটো। লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত হেজেল বেংক চাৰিআলি-বালিজান গড়কাপ্তানী পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ পথটো মেৰামতি কৰাৰ দাবীত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত নাদুৱা চাইডিংত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
সংগঠনটোৱে লাহোৱাল সমষ্টিৰ বিধায়ক হায় হায়, পথ নিৰ্মাণত ৰাজনীতি কৰা বন্ধ কৰক, হেজেল বেংকৰ পৰা থানাই সংযোগী গড়কাপ্তানী পথ মেৰামতি কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদীৰ ৰুদ্ৰৰূপ দেখি প্ৰতিবাদস্থলিত ততাতৈয়াকৈ চাবুৱাৰ ৰাজহ চক্ৰ বিষয়াক লগতে গড়কাপ্তানী বিভাগৰ ডিব্ৰুগড় জিলাৰ কাৰ্যবাহী অভিযন্তা ৰাজীৱ লাহন উপস্থিত হয়৷
প্ৰতিবাদকাৰীসকলে গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত হোৱাৰ লগে লগে আগতকৈয়ো অধিক জোৰেৰে শ্ল’গান দিবলৈ আৰম্ভ কৰে৷ কিছু সময় পাছত অভিযন্তা ৰাজীৱ লাহনে পথটোৰ গাত সমূহ ১০ দিনৰ ভিতৰত মেৰামতি কৰিব বুলি লিখিত পতিশ্ৰুতি দিয়াতহে প্ৰতিবাদকাৰীসকল ক্ষান্ত হয়৷
সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই এই প্ৰতিবাদক সমৰ্থন জনায় বিভাগীটোৰ বিষয়া-অভিযন্তাসকলে বাট-পথৰ উন্নয়নতকৈ নিজৰ উন্নয়নতহে গুৰুত্ব আৰোপ কৰা বুলি অভিযোগ উত্থাপন কৰে।
ৰহমৰীয়া, খাগৰিজান, বালিজান, থানাই, গড়পৰা, কচুৱনি, ভাকুমুৱা আদি ৰহমৰীয়া ৰাজহ চক্ৰৰ প্ৰায় ২০ খনৰো অধিক গাঁৱৰ যাতায়তৰ একমাত্ৰ পথটো বছৰ বছৰ ধৰি নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজে চৰম দুৰ্ভোগ ভুগি আহিছে। ১৯৯০ চনত এই পথটো গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰিছিল যদিও বিভাগে পথটোৰ ফালে চকু মেলি চোৱা নাই। অথচ এই পথটোৱেই হৈছে ৰহমৰীয়া থানা, ৰহমৰীয়া স্বাস্থ্য কেন্দ্ৰ, ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অহা-যোৱা কৰা মূল পথ।