গুৱাহাটীঃ শিল নহয় যেন ক'লা হীৰাহে৷ শিল এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু৷ শিলৰ পাছত পৰিছে মন্ত্ৰী, বিধায়ক আমোলা৷ এই কেইদিন জড় পদাৰ্থবিধৰ যেন ভাগ্য হে ঘূৰিছে৷ বাতৰিৰ শিৰোনাম দখল কৰা শিলে দেখুৱাইছে মানুহক চমক৷

ৰাজ্যত শিলৰ কৃত্ৰিম নাটনি এতিয়া সৰৱ চৰ্চাৰ বিষয়৷ ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ ঠিকাদাৰক প্ৰয়োজন হয় শিলৰ৷ গড়কাপ্তানি হওক নাইবা জলসিঞ্চন, সকলো ঠিকাদাৰক লাগে শিল৷ ঘৰৰ বাৰান্দাৰ টিনৰ পানী পৰা ঠাইত পাৰি দিয়াৰ পৰা আৰম্ভ কৰি বৰ বৰ আট্টালিকা নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হয় শিলৰ৷

চৰকাৰী নীতি-নিয়মক ভৰিৰে মোহাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দলৰে এগৰাকী বিধায়কৰ আত্মীয়ই ৰাজ্যৰ কেইবাখনো পাহাৰৰ শিলৰ কুৱেৰী নিজৰ দখললৈ নিয়া বুলিও ব্যাপক চৰ্চা আৰম্ভ হৈছে। বিধায়কৰ আত্মীয়জনে সুদীৰ্ঘ সময় শিলৰ কুৱেৰী নিজৰ দখললৈ নিয়াৰ লগতে শিলৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি দাম বঢ়োৱা বুলিও অভিযোগ উত্থাপিত হৈছে৷

ইয়াৰ মাজতে দেওবাৰে পাহাৰৰ শিল ৰক্ষাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে৷ শিলৰ নাটনিৰ জোৰা মাৰিবলৈ বঙাইগাঁও জিলাৰ ভৈৰৱচূড়া পাহাৰ খননৰ সিদ্ধান্ত লয় চৰকাৰে। শিলৰ নাটনিৰ ববে পথ নিৰ্মাণৰ কামত বাধাৰ সৃষ্টি হোৱা বুলি গড়কাপ্তানি মন্ত্ৰীয়ে কৈ অহাৰ বিপৰীতে বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই শিল-বালিৰ নাটনি হোৱা নাই বুলি দাবী কৰি আহিছে৷

শেহতীয়াকৈ বন বিভাগে শিলৰ খননৰ বাবে নতুনকৈ এখন পাহাৰ বাছনি কৰিছে। বন মন্ত্ৰীয়ে শিলৰ নাটনি হোৱা নাই বুলি কৰা দাবীক অসাৰ প্ৰতিপন্ন কৰি খোদ বন বিভাগেই শিল খননৰ বাবে বাছনি কৰা পাহাৰখন হৈছে বঙাইগাঁও জিলাৰ বইটামাৰী ৰজহ চক্ৰৰ ঐতিহ্যমণ্ডিত ভৈৰৱচূড়া পাহাৰ।

বন বিভাগৰ এই সিদ্ধান্তত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম চৰকাৰৰ এনে সিন্ধান্তৰ বিৰুদ্ধে অামছুৱে স্থানীয় ৰাইজৰ সহযোগত যোগীঘোপা নিকটৱৰ্তী ভৈৰৱচূড়া পাহাৰৰ নামনিত প্ৰতিবাদ সাব্যস্ত কৰে। ঐতিহ্য মণ্ডিত ভৈৰৱচূড়া পাহাৰৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা স্বত্তেও পাহাৰ খননৰ সিদ্ধান্ত বাতিলৰ দাবী জনায় ৰাইজে৷

পাহাৰখনত খনন কাৰ্য্য চলাই শিলৰ কুৱেৰী স্থাপন কৰিবলৈ ১৪ জুলাইত নিবিদা আহ্বান কৰা ঘটনাই জিলাখনৰ সচেতন মহলক স্তম্ভিত কৰা বুলি আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেজাউল কৰিম চৰকাৰে প্ৰতিবাদস্থলীত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে বন বিভাগ হায় হায়, প্ৰমিলা ৰাণী ব্ৰহ্ম গ’ বেক ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।