গুৱাহাটীঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলামক মঙলবাৰে দুপৰীয়া অচিনাক্ত দুৰ্বৃত্তই কোকৰাঝাৰত গুলীয়াই হত্যা কৰাৰ পিছতে আজি প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য। বিভিন্ন দল-সংগঠনে ৰাজ পথলৈ ওলাই আহি হত্যাকাৰীক আটক কৰাৰ দাবী জনায়৷ পথ অৱৰোধ, প্ৰতিকৃতি দাহ আদি কাৰ্যসূচীৰে সংখ্যালঘু নেতাগৰাকীৰ হত্যাৰ প্ৰতিবাদ জনায় ৰাইজে৷

NNO নগৰবেৰাঃ দক্ষিণ বৰপেটা জিলা আমছুৱে এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। আমছুৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ সভাপতি আজিজুল হক আৰু আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জাফৰ আলী আহমেদে এক বিবৃতি যোগে লাফিকুল ইছলাম হত্যাকাণ্ডত জড়িত হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায়৷ সংগঠনটোৱে চি বি আই তদন্তৰো দাবী জনায়। কামৰূপ গ্ৰাম্য জিলাৰ বকোৰ সোণতলী, টুপামাৰী, নগৰবেৰা, জামলাই, বদলা, ৰাংগাপানী দক্ষিণ বৰপেটাৰ কাছুমাৰা আণ্ডাভাঙা, আলোপতি-মাজৰচৰ, বাঘমাৰাচৰত আমছুই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হাগ্ৰামা মহিলাৰীৰ পুওলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

NNO কামপুৰঃ নগাঁও জিলাৰ কচুৱাতো লাফিকুল ইছলাম হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে৷ সংগঠনটোৱে কচুৱাত সমদল উলিয়াই অসম চৰকাৰ হায় হায়, আৰ এছ এছ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল-হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, হত্যাকাৰীক ফাঁচী দিয়ক আদি ধ্বনিৰে কচুৱাৰ আকাশ-বতাহ কপাই তুলি হাগ্ৰামা মহিলাৰী আৰু মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে।

NNO বিহালীঃ বিশ্বনাথ জিলাতো আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলা আমছুই দুঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী পালন কৰে। দুঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ছাইফুদ্দিন আহমেদ, আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি ৰবীন ঘাটোৱাৰ সহ প্ৰায় পাঁচ শতাধিক আমছু কৰ্মী। এবিএমছুৰ সভাপতি লাফিকুল ইছলাম হত্যাকাণ্ডৰ হত্যাকাৰীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি ফাচি দিয়া, চি বি আই তদন্ত ঘোষণা কৰা আৰু লাফিকুল ইছলামৰ পৰিয়ালক ৫০ লাখ টকা ক্ষতি পূৰণ প্ৰদান কৰাৰ দাবীত বাঘমাৰীৰ আকাশ-বতাহ কপাই তোলে প্ৰতিবাদকাৰীয়ে।

NNO গোলকগঞ্জঃ কোকৰাঝাৰ জিলাৰ তিতাগুৰি বজাৰত কালি এবিএমছুৰ কেন্দ্ৰীয় সভাপতি লাফিকুল ইছলামক অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত আজি ধুবুৰী জিলা আমছুৰ সভাপতি আব্দুল বাতেন সেখ আৰু সাধাৰণ সম্পাদক আব্দুল লতিফ খণ্ডকাৰৰ নেতৃত্বত ধুবুৰী জিলাৰ গোলকগঞ্জ সংলগ্ন ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। উক্ত কাৰ্যসূচীত আমছুৰ ভালে সংখ্যক পুৰুষ আৰু মহিলা উপস্থিত থাকে।

NNO শিৱসাগৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ প্ৰতিবাদত শিৱসাগৰত আমছুই প্ৰতিবাদ সাব্যস্ত কৰে৷ হত্যাকাণ্ডৰ চি বি আইৰ তদন্ত দিয়া, হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা আদি দাবীত আমছুৰ শিৱসাগৰ জিলা সমিতিয়ে টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

NNO বাঘবৰঃ বাঘবৰৰ মন্দিয়াত বন্ধ পালন কৰি লাফিকুল হত্যাৰ প্ৰতিবাদ জনায় আমছু, এন এছ ইউ আই, কংগ্ৰেছ আদি দল-সংগঠনে৷ মন্দিয়া পুৰণি বাছ আস্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। হাগ্ৰামা মহিলাৰী হায় হায়, অসম চৰকাৰৰ গৃহ বিভাগ হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায় শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ লাফিকুল ইছলামৰ হত্যাৰ বিচাৰ লাগে আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।