গুৱাহাটীঃ অংগনবাড়ী কৰ্মী সহায়িকাৰ চাকৰি নিয়মীয়া কৰা, মাননিৰ সলনি মজুৰি দিয়া, চাকৰিৰ কাল সমাপ্ত হোৱাৰ পাছত পেন্সন দিয়াৰ ব্যৱস্থা কৰা আদি দাবী লৈ দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে অংগনবাড়ী কৰ্মী-সহায়িকাই৷

ইয়াৰ মাজতে আজি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই সত্যাগ্ৰহ আন্দোলনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাই ন্যায্য দাবীৰ হকে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো ৰাজ্য-কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি আজি পুনৰাই ৰাজ পথত নামে কৰ্মী-সহায়িকা৷

চৰকাৰে অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ সৈতে আলোচনা-বিলোচনাত মিলিত হৈছে যদিও আশাব্যঞ্জক সহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰে কৰ্মী-সহায়িকাসকলে৷

নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিবলৈ অহা মহিলাসকলক আজি অসম চৰকাৰৰ আৰক্ষীয়ে দমন কৰিবলৈ উঠি-পৰি লাগে বুলি অভিযোগ কৰে ডি ৱাই এফ আইৰ অসম ৰাজ্যিক সমিতিয়ে।

গুৱাহাটীত কেইবাশ অংগনবাড়ী কৰ্মী-সহায়িকাক টানি আজুৰি, ঠেলি-হেচি গাড়ীত তোলা কাৰ্যক গৰিহণা দিয়ে সংগঠনটোৱে৷ নলবাৰীত পুলিচে অপ্ৰোৰচিতভাৱে লাঠি চালনা কৰাৰ ফলত এগৰাকী কৰ্মীৰ মূৰ ফালি যোৱাৰ লগতে মুঠ ১১ জন কৰ্মী আহত হয়।

ডিব্ৰুগড় আৰক্ষীয়ে আক্ৰমণ কৰি অংগনবাড়ী নেত্ৰী মিচা মেচগাৰ গাৰ কাপোৰ ফালি দিয়ে। এনেদৰে সমগ্ৰ ৰাজ্যখনতে ১১ হাজাৰ কৰ্মী-সহায়িকাক আৰক্ষীয়ে আটক কৰে।

গুৱাহাটীতো কৰ্মী-সহায়িকাক আটক কৰি পাণবজাৰ থানাত আৱদ্ধ কৰি পাছত মুকলি কৰি দিয়ে। ডি ৱাই এফ আই-এ এই বৰ্বৰতাক কঠোৰ ভাষাৰে গৰিহণা দি জনসাধাৰণৰ গনতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা দিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ওচৰত দাবী জনায়।

অসম চৰকাৰে আন্দোলনকাৰীৰ ওপৰত আৰক্ষী জাপি দিয়াটো অতিকৈ নিন্দনীয় বুলি কয় ডি ৱাই এফ আইৰ অসম ৰাজ্যিক সমিতিৰ যুটীয়া সম্পাদক ৰিতুৰঞ্জন দাসে।

NNO মুছলপুৰঃ মুছলপুৰতো আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকৰ প্ৰাপ্য আঠ দফীয়া দাবী পূৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৫শতাধিক কৰ্মী-সহায়িকাই নিকাছি-বৰমা পথৰ মুছলপুৰত পথ অৱৰোধ কৰি উত্তাল কৰি তোলে মুছলপুৰৰ ৰাজপথ৷ ফলত বৰমা-নিকাছি পথত বহু সময় ধৰি বন্ধ হৈ পৰে যান-বাহনৰ চলাচল৷ প্ৰতিবাদকাৰী অংগনাবাড়ী কৰ্মী-সহায়িকাসকলে আমাক প্ৰাপ্য মজুৰি আদায় দিয়ক, দাবী পূৰণ নোহোৱালৈ আমি ক্ষান্ত নহও, মাননিৰ সলনি মজুৰি দিয়ক, অংগনৱাদী কেন্দ্ৰত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰক আদি শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে৷ 

NNO তেজপুৰঃ তেজপুৰতো কেইবাহাজাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাই তেজপুৰ আদালত চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে প্ৰাপ্য মজুৰি আদায় দিয়ক, দাবী পূৰণ নোহোৱালৈ আমি ক্ষান্ত নহও, কৰ্মচাৰি হিচাপে স্বীকৃতি দিয়ক আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷