গোৰেশ্বৰ/ৰঙিয়া/বঙাইগাঁওঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলামক আজি দিন দুপৰতে গুলীয়াই হত্যা কৰা ঘটনাৰ প্ৰতিবাদত বিটিএডিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে৷ বিটিএডিৰ দল-সংগঠনে এই নিৰ্মম হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে লগতে দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী জনায়৷

এবিএমছুৰ নেতৃত্বত ৰাইজে ৰাজ পথলৈ ওলাই আহি পৰ্তিবাদ সাব্যস্ত কৰে৷ বিটিএডিৰ বাক্সাৱ জিলাৰ কাউৰবাহা, খন্দিকৰ, বাঙালীপাৰা আদি অঞ্চলত পথত টায়াৰ জ্বলাই ৰঙিয়া-গোৰেশ্বৰ পথটো বন্ধ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷

ইপিনে এবিএমছুৰ সভাপতি লাফিকুল ইছলামক দুৰ্বৃত্তই হত্যা কৰা ঘটনাক অবড়ো সুৰক্ষা সমিতি, অসমে তীব্ৰ গৰিহনা দিয়ে। হত্যাকাৰীক ৪৮ ঘণ্টাৰ ভিতৰত চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে অবড়ো সুৰক্ষা সমিতিয়ে। সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই দোষীক কৰায়ত্ত নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে।

আনহাতে এছ এফ আইৰ ৰাজ্যিক সমিতিৰ সম্পাদক নিৰকুংশ নাথ, চিপিআইএম অসম ৰাজ্যিক সমিতিৰ সম্পাদক দেবেন ভট্টাচার্য আৰু ডিৱাই এফ আই অসম ৰাজ্যিক সমিতিৰ সম্পাদক নয়ন ভূঞাই সংবাদ মাধ্যমলৈ প্ৰেছ বিবৃতি প্ৰেৰণ কৰি এই ঘটনাৰ তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষীক কৰায়ত্ত কৰি শাস্তি বিহাৰ দাবী জনায়।

লগতে এই ঘটনাৰ আলম লৈ যাতে কোনো দুষ্কৃতিকাৰীয়ে অশান্তি বিয়পাব নোৱাৰে তাক ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনায় দল-সংগঠনে। আনহাতে মুছলিম যুৱ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সম্পাদক হাফিজুল ইছলামে ঘটনাক গৰিহনা দি দোষীক আটক কৰাৰ দাবী জনায়৷

সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থাৰ সভাপতি লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰৰ তিতাগুৰীত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত চিৰাং জিলা আমছুৱে জিলাখনৰ ঢালিগাঁও বৰতালোৱাত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷

সন্ধিয়া ছয় বজাৰ পৰা সাত বজালৈ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ(চি) অৱৰোধ কৰি সংগঠনটোৱে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক ১২ ঘন্টাৰ ভিতৰত কৰায়ত্ব কৰাৰ দাবী জনায়৷ ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰাৰ ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰাত যাতায়াত ব্যাহত হৈ পৰে৷

বঙাইগাঁও জিলাৰ গৰাইমাৰীতো বিজনী জিলা আমছুৱে ৩১নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি বিভিন্ন শ্ল‘গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ অামছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে লাফিকুলৰ হত্যাক কোনোপধ্যে সহজভাৱে লোৱা নহ‘ব বুলি মন্তব্য কৰাৰ লগতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আইন শৃংখলা ৰক্ষাত চূড়ান্ত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰে৷