
লিডুঃ সতীৰ্থ মন্ত্ৰীৰ খতিয়ান সভাত দাঁত নিকটাই হাঁহি মানৱ সম্পদ গঢ়াৰ খনিকৰ শিক্ষকক অপমান কৰা শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে ৰাজ্যত এতিয়ালৈ প্ৰায় ৫০ গৰাকী লোকে অকালতে মৃত্যুক আকোৱালি ল'লে।
বিভাগৰ গুৰি ধৰিব নোৱাৰি সংবাদ মাধ্যমক উপলুঙা কৰা মন্ত্ৰীগৰাকীৰ বিভাগে একপ্ৰকাৰ প্ৰায় ৫০ গৰাকী লোকক হত্যা কৰাৰ পাছতো যেন চকু খোল খোৱা নাই বিভাগটোৰ৷ একাংশ কৰ্মচাৰীৰ চৰম গাফিলতিৰ বাবে উৎকট গৰমতো বিদ্যুৎ নিয়মীয়া কৰিব নোৱাৰা মন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰ সমস্যা এৰি পলায়ন কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্যবাসীক আশ্বস্ত কৰাৰ প্ৰচেষ্টা চলোৱাৰ পাছতো ৰাজ্যত কেইবাটাও বিদ্যুৎস্পৃষ্ট হোৱাৰ ঘটনা সংঘটিত হৈছে৷ ৰাজপথত পৰি থকা তাঁৰ লাগি, জংঘলত পৰি থকা তাঁৰ, বানৰ পানীত পৰি থকা তাঁৰ লাগি ইতিমধ্যে ৰাজ্যত বহু লোকে প্ৰাণ হেৰুৱালে৷ আজিও বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰাৰ ঘটনা ঘটিয়েই আহিছে।
লিডু আৰক্ষী চকীৰ অন্তৰ্গত চিপে গাঁৱৰ আটছা কিষান নামৰ এটি ৮ বছৰীয়া শিশুৱে দেওবাৰে খেলি থকা অৱস্থাত মাটিত ছিগি পৰি থকা এডাল তাঁৰত লাগি মৃত্যু হয়৷ নিৰ্লজ্জ বিভাগটোৱে মানুহ মৰিলেও সজাগ নোহোৱোত লিড়ুৰ দল-সংগঠন জাঙুৰ খাই উঠে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত আজি স্থানীয় ৰাইজ ক্ষোভিত হৈ ৰাজপথলৈ ওলাই আহে।
বিদ্যুৎ বিভাগৰ এচাম লোকৰ চৰম গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি আজি অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত লিডুত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰাই বিদ্যুৎ বিভাগক শিশু হত্যাকাৰী আখ্যা দিয়ে৷ শীঘ্ৰে আটছা কিষান নামৰ শিশুটিৰ মৃত্যুৰ উচিত তদন্ত কৰি গাফিলতি কৰা বিষয়া-কৰ্মচাৰীক শাস্তি দিয়াৰ পোষকতা কৰে সংগঠনটোৱে৷