বেতবাৰীঃ চৰকাৰ গঠন কৰিয়েই চমক সৃষ্টি কৰিবলৈ আমগুৰি তাপ বিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম মাথো কেইদিনমান কৰিয়েই দায়িত্ব সামৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থা৷ সংগঠনটোৱে আমগুৰি তাপ বিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্য ক্ষিপ্ৰ কৰাৰ দাবীত বৃহস্পতিবাৰে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক সমিতিয়ে বৃহস্পতিবাৰে আমগুৰি চাৰিআলিত ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰি হাজাৰ হাজাৰ জনতাৰ আৱেগ বিজড়িত প্ৰকল্পটো কুটিল ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে নিৰ্মাণ কাৰ্য্য স্তব্ধ হৈ পৰা বুলি অভিযোগ উত্থাপন কৰে৷ জাতি, মাটি আৰু ভেটি তথা পৰিৱৰ্তনৰ কথা কোৱা মিত্ৰজোঁটৰ চৰকাৰ শাসনলৈ অহাৰ লগে লগে প্ৰকল্পটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি চমক সৃষ্টি কৰিছিল যদিও সেই নিৰ্মাণ কাৰ্য্য কিছু দিন চলি বন্ধ হৈ পৰে৷

প্ৰকল্পটোকলৈ কুটিল ৰাজনীতি বন্ধ কৰি নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ লগতে বৃহত্তৰ আমগুৰি অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন সোনকালে বাস্তবায়িত কৰিব লাগে বুলি প্ৰতিবাদস্থলীৰ পৰা সংগঠনটোৱে দাবী কৰে৷

ছাত্ৰ সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ তীব্ৰ বিৰোধিতা কৰি চ্যাওলুং চ্যুকাফাই গঢ় দি থৈ যোৱা অসমত অতীজৰে পৰা সতাপুৰুষীয়া সম্প্ৰীতি অটুত আছিল আৰু ভৱিষ্যতেও অটুত থাকিব বুলি কৈ ধৰ্মীয় মেৰুকৰণ কৰা কাৰ্যক গৰিহণা দিয়ে। অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগৰ পৰিপন্থী তথা উপলুঙা কৰা কাৰ্য্যক কোনো কাৰণতে মানি লোৱা নহ'ব বুলিও সংগঠনটোৱে স্পষ্ট কৰে।

আটাছুৰ আমগুৰি আঞ্চলিক সমিতিৰ সভাপতি বিক্ৰমাদিত্য বড়া, যুটীয়া কাৰ্যকৰী সভাপতি প্ৰদ্যুৎ গগৈ, টুটু দিহিঙীয়া, যুটীয়া সম্পাদক গৌতম দিহিঙীয়া আৰু আদিত্য চাওৰ স্বাক্ষৰিত স্মাৰক পত্ৰ আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাস, আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰক প্ৰেদান কৰে।