মোৰাঝাৰঃ অৱশেষত পথ নিৰ্মাণৰ দাবীত ৰাজহুৱা সভা অনুষ্ঠিত কৰিলে ৰাইজে৷ ৰাইজৰ দাবীক গুৰুত্ব আৰোপ নকৰা বিধায়ক আৰু গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ মোৰাঝাৰ বজাৰত ৰাইজে অনুষ্ঠিত কৰে প্ৰতিবাদী সভা।

নীলবাগান-মোৰাঝাৰ-দেৱস্থান গড়কাপ্তানী পথ নিৰ্মাণৰ দাবীত স্থানীয় বিভিন্ন দল সংগঠনৰ আহ্বানত অনুষ্ঠিত সভাৰ আঁত ধৰে এন এছ ইউ আইৰ নেতা আইনুল হকে।

সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নুৰুল হক, আমছু নেতা এজাজুল হক, কংগ্ৰেছৰ যুৱ নেতা বিলাল উদ্দিন, সাংবাদিক ছাদিকুজ জামান, মোৰাঝাৰ যুৱ ছাত্ৰ ঐক্য মঞ্চৰ সভাপতি হিফজুৰ ৰহমান, স্বাকিলুজ জামান, আছাৰ উদ্দিন, সাৰজুল ইছলাম আদিয়ে বক্তব্য প্ৰদান কৰি ৰাজ্য চৰকাৰে পথটো নিৰ্মাণত গুৰুত্ব আৰোপ নকৰাত ক্ষোভ প্ৰকাশ কৰে।

সভাত উপস্থিত ৰাইজে শীঘ্ৰে পথটো নিৰ্মাণ কৰাৰ দাবী জনায়। অন্যথাই গণতান্ত্ৰিক আন্দোলন কৰাৰ ভাবুকি প্ৰদান কৰে৷