ৰঙিয়াঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলামক দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা মঙলবাৰে গুলীয়াই হত্যা কৰাৰ পাছৰে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদ অব্যাহত আছে৷

প্ৰতিবাদৰ গইনা লৈ কোনো পক্ষই যাতে হিংসা বিয়পাব নোৱাৰে তাৰ বাবে সজাগ হৈ পৰিছে ৰঙিয়া আৰক্ষী৷ এই অনুযায়ী কোনো তৃতীয় পক্ষই এই ঘটনাক লৈ হিংসা বিয়পাব নোৱাৰে তাৰ বাবে ৰঙিয়া আৰক্ষীয়ে আজি দল-সংগঠনক আমন্ত্ৰণ কৰি থানা চৌহদত সুৰক্ষা, সজাগত তথা সম্প্ৰীতি সভা অনুষ্ঠিত কৰে। 

কামৰূপ আৰক্ষীৰ সহযোগত ৰঙিয়া আৰক্ষী থানা চৌহদত মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগুৰ পৰিচালনাত অনুষ্ঠিত হোৱা সজাগতা সভাত এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ আত্মাৰ সদ্গতি কামনা কৰি একমিনিট মৌন প্ৰাৰ্থনা কৰা হয়৷

ৰঙিয়া ৰাজহ চক্ৰ বিষয়া ইমলি বৰুৱা, ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰমান্দ কলিতাৰ লগতে বহুকেইগৰকী আৰক্ষী বিষয়া উপস্থিত থকা সভাখনত ৰঙিয়া নাগৰিক সভা, অৰাজনৈতিক দল, ছাত্ৰ সংগঠনৰ নেতাই ভাষণ প্ৰদান কৰি এই ঘটনাৰ পৰা যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে সজাগ থাকিবলৈ সকলোকে আহ্বান জনায়৷

সভাত শান্তি-সম্প্ৰীতি অটুত ৰাখিবলৈ সকলোকে অনুৰোধ জনাই এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক শীঘ্ৰে আটক কৰিবলৈ দাবী জনায়।