ৰঙিয়াঃ সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ ৰঙিয়া আঞ্চলিক সমিতিয়ে আজি অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷

ৰঙিয়া বুনিয়াদী প্ৰশিক্ষণ কেন্দ্র প্ৰাংগণত অনুষ্ঠিত এখন সভাত অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোছা আৰু মানপত্ৰ আদিৰে সম্বৰ্ধনা জনায় সংগঠনটোৱে।

উত্তৰ ৰঙিয়া ছাত্ৰ সন্থাৰ সভাপতি ধ্রুৱজ্যোতি ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ৰঙিয়া আৰিমত্ত বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মীৰা শৰ্মা, ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক লক্ষ্মী মহন্ত আৰু ৰঙিয়া গ্লোবেল কম্পিউটাৰ চেন্টাৰৰ সঞ্চালক গোলফাম।

সম্বৰ্ধনা অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে আছুৰ কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস আৰু ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাস।

আনহাতে সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত অনুষ্ঠিত আন এখন সভাত ৰমেন শালৈক সভাপতি আৰু ৰাজকুমাৰ কলিতাক সম্পাদক হিচাপে লৈ উত্তৰ ৰঙিয়া ছাত্ৰ সন্থাৰ ৩৩ জনীয়া সমিতি গঠন কৰা হয়।