11
Aug
2017

প্ৰতিকী ফটো
বিহগুৰিঃ দিন ৰাতি একাকাৰ কৰি মল-মুত্ৰ চাফ তৰা চাফাই কৰ্মীয়ে আজি দৰমহাৰ বাবে কাজিয়া কৰিব লগা হয় তেজপুৰ মেডিকেল কলেজত৷ চাফাই কৰ্মীয়ে দৰমহা বিচাৰি মাৰ-পিটত লিপ্ত হ’ব লগা হয়৷ North East security service নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানৰ বিষয়ববীয়াৰ সৈতে মাৰপিটৰ দৰে অভাৱনীয় ঘটনা সৃষ্টি হয়।
জানিব পৰা মতে, জুলাই মাহৰ দৰমহা আদায় নিদিয়াত আজি দিনৰ ভাগত বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কৰ্মচাৰী বাপতুল ৰাভাৰ পৰা চাফাই কৰ্মী সকলে দৰমহা বিছাৰি যায়৷
তেজপুৰ মেডিকেল কলেজত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ দ্বাৰা নিয়োজিত চাফাই কৰ্মী সকলে পাপ্য দৰমহা বিচাৰি যোৱাৰ সময়ত তৰ্কাতৰ্কি হয়৷ ৰাভাৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হৈ পিছলৈ মাৰপিটত লিপ্ত হয়৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও আজি ঘটনাক কেন্দ্ৰ কৰি তেজপুৰ মেডিকেল কলেজত চেপা উত্তেজনাই বিৰাজ কৰে।